যোৰহাট, ০৬ জুলাই (হি.স.)। যোৰহাটৰ দিসৈ নগৰৰ সমীপৰ ভোগদৈ মথাউৰিৰ কাষত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। মথাউৰিৰ কাষৰ হাবিত উদ্ধাৰ হৈছে মৃতদেহটো। ইফালে কালি সন্ধিয়া ঘৰৰ পৰা মটৰ চাইকেল লৈ ওলাই অহা দিচৈ নগৰৰ অনিমেশ বৰা নামৰ এজন যুৱক সন্ধানহীন হৈ আছে। যুৱক জনৰ ম'বাইল যোৱা নিশা ১০.৩০ বজাৰ পৰা বন্ধ।
যুৱক জনৰ পিতৃ ৰূপ বৰাৰ নামত থকা এএছ ০৩ এ ৯৪১৬ নম্বৰৰ মটৰ চাইকেল খন কিছু দূৰত হাবি বন দি ঢাকি থোৱা আছে। পিতৃয়ে কোৱা মতে যোৱা নিশা ১০.৩০ বজাত তেওঁ পুত্ৰৰ সৈতে কথা পাতিছে আৰু ঘৰলৈ গৈ আছোঁ বুলি যুৱক জনে কৈছিল। কিন্তু নিশা ঘৰলৈ নহা দেখি ফোন কৰোঁতে তেওঁৰ ম'বাইল অফ পায়। এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে ৰাইজে । যুৱক জনৰ মুখ আৰু মূৰত দাৰে বেয়াকৈ ঘপিয়াই হত্যা কৰে। যুৱক জনে প্ৰাইভেট কোম্পানীত চাকৰি কৰিছিল। ঘটনা স্থলীত আৰক্ষী দণ্ডাধীশ উপস্থিতি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ