কামৰূপ, ০৬ জুলাই (হি.স.)। উচ্ছেদৰ বিৰোধীতাৰে পুনৰ দিল্লী কঁপোৱাৰ হুংকাৰ এবিএমছুৰ । ধুবুৰীত চলা সৰ্ববৃহৎ উচ্ছেদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ এবিএমছু ৰ সভাপতি টাইচন হুছেইনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত মুছলমানৰ নিম্নতম মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে।
মন্তব্যত এবিএমছু ৰ সভাপতি গৰাকীয়ে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী শদিয়াৰ পৰা ধুবুৰীলৈ ভূমিহীন মুছলমান লোক সকলক বাছি বাছি উচ্ছেদ চলাইছে আৰু সেই ভূমি সমুহ আদানি আম্বানীক গতাব ওলাইছে।
আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুছলমানক জধে মধে উচ্ছেদ কৰি ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰ খৰ্ব কৰিছে। অহা ২১/২২ জুলাইত ৰাজধানী দিল্লীৰ জন্তৰ মন্তৰত সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা