গোলাঘাট, ০৬ জুলাই (হি.স.): হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে গোলাঘাটত বাহিৰ কৰা হয় শ্ৰী শ্ৰী জগন্নাথ ৰথৰ উভতনি যাত্ৰা। গোলাঘাটত তৃতীয়বাৰৰ বাবে ৯ দিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটি যোৱা ২৭ জুনৰ পৰা ৫ জুলাইলৈকে অনুষ্ঠিত হয়।
যোৱাকালি শনিবাৰে সন্ধিয়া অনুষ্ঠানটো সফল সামৰণি পৰে। হৰেকৃষ্ণ নামহট্ট সংঘ, গোলাঘাটৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশাল ৰথযাত্ৰা। গোলাঘাটৰ সুভাষ কলনিৰ বিবেকানন্দ সংঘৰ পৰা গোলাঘাট নগৰৰ মাজমজিয়াইদি কলেজ তিনিআলিত ৰথযাত্ৰাৰ সামৰণি পৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ