ধুবুৰী, ০৬ জুলাই (হি.স.)। ৰাজ্যত ভূমিষ্ঠ হল আন এটা দেশী জনগোষ্ঠীয় সংগঠনৰ ।বিলাসীপাৰাৰ ৰাণীগঞ্জ SIRD ভৱনত আজি অনুষ্ঠিত সাধাৰণ সভাত গঠন হল সদৌ দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতি ।ৰাজ্যত বসবাস কৰা খিলঞ্জীয়া দেশী মুছলমান সকলৰ উন্নয়ন পৰিষদ গঠন কৰা, দেশী লোক সকলক অ বি ছিৰ মৰ্য্যাদা প্ৰদান কৰা, ৰাজনৈতিক অধিকাৰ সুৰক্ষা কৰা আদিৰ দাবীত গঠন হয় সম্পূৰ্ণ অৰাজনৈতিক সংগঠনৰ ।
শিক্ষাবিদ মনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত ছাকিবুল আহমেদক সভাপতি আৰু আব্দুৰ ৰছিদ আহমেদ ওৰফে নিপুক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৪১ জনীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতি গঠন কৰা হয় বুলি নৱ নিযুক্ত সম্পাদক গৰাকীয়ে জানিব লৈ দিয়ে।সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক প্ৰতিনিধি উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ