তামাৰহাটৰ পোকালাগিত ভূমি কেন্দ্ৰিক সংঘাতত আহত ১০ জন লোক
তামাৰহাটৰ পোকালাগিত ভূমি কেন্দ্ৰিক সংঘাতৰ চৰম পৰিণতি ।
তামাৰহাটৰ পোকালাগিত ভূমি কেন্দ্ৰিক সংঘাতত আহত ১০ জন লোক


ধুবুৰী, ০৬ জুলাই (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটৰ পোকালাগিত যোৱাকালি আবেলি ভূমি কেন্দ্ৰিক সংঘাতৰ চৰম পৰিণতি দেখিবলৈ পোৱা যায় । প্ৰচণ্ড মাৰপিটৰ ফলত দুটা পক্ষৰ পুৰুষ মহিলা সহ দহ জনকৈ লোক গুৰুতৰভাৱে আহত হয় । মাটিৰ সীমাক লৈ দুই পক্ষৰ মাজত সৃষ্টি হয় কাজিয়াৰ ।

মাৰপিটত এটা পক্ষৰ নাছিৰুদ্দিন সেখ, ছুফিয়া বিবি, ফৰিদা বিবি, মেৰিনা খাতুন নামৰ লোক কেইজন আহত হয়। আনহাতে আনটো পক্ষৰ আলেকা বিবি, সাহিদা খাতুন, ছালেমা বিবি, হাবিবুল ৰহমান, হালিমা বিবি, কাশেম আলী সেখ নামৰ লোক কেইজন আহত হয় । স্থানীয় ৰাইজে আহত সকলক উদ্ধাৰ কৰি তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আটাইকে উন্নত চিকিৎসাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে । ইয়াৰে ভিতৰত নাছিৰুদ্দিন সেখ আৰু ছুফিয়া বিবিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande