গৌৰীপুৰ বেপাৰীপট্টিত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন
গৌৰীপুৰ বেপাৰীপট্টিত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন কেইবা জনো আহঁত।
গৌৰীপুৰ বেপাৰীপট্টিত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন


ধুবুৰী, ০৬ জুলাই (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ বেপাৰীপট্টিত যোৱাকালি শনিবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ উপৰি আন কেইবা জনো আহত হয়।

গৌৰীপুৰ বেপাৰীপট্টিত আল্ট্ৰাবাছ আৰু অটোৰিক্সাৰ মাজত মুখা মুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো ঘটে। অটোৰিক্সাত থকা যাত্ৰী এজনৰ ওপৰেদি পাৰহৈ যায় আল্ট্ৰা বাছৰ চকা ফলত থিতাতে নিহত হয় এগৰাকী যাত্ৰী আৰু বহু কেইগৰাকী যাত্ৰীৰ অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা বাছ আৰু অটোৰিক্সা খনক আৰক্ষীয়ে আটক কৰে। ঘটনা স্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande