গোলাঘাট, ০৬ জুলাই (হি.স.)। নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ ওফন্দি উঠিছে ধনশিৰি নদীৰ জলপৃষ্ঠ । ইতিমধ্যে ধনশিৰি নদীৰ বাঢ়নি পানীয়ে সৰুপথাৰ, বৰপথাৰৰ বিভিন্ন ঠাই প্লাবিত কৰিছে । বিগত কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নদীৰ জলস্তৰ বৃদ্ধি পোৱাত সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান কৈৰীগাওঁ, ছেৱাগুৰি, শিঙিমাৰী, শিমলুচাপৰি আদি অঞ্চলত পানী সোমোৱাত ৰাইজে ঘৰ এৰি মথাউৰিত আশ্ৰয় লবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।
ইতিমধ্যে বানাক্ৰান্ত লোক সকলক সৰুপথাৰ সমজিলা প্ৰশাসনে ব্যৱস্থা কৰি দিয়া আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে । ঘৰৰ পশুধন বিলাককো নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলগীয়া হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা