মহানগৰীত চোৰ আটক, অপৰাধত ব্যৱহৃত সামগ্ৰী জব্দ
গুৱাহাটী, ৫ জুলাই (হি.স.)। গড়চুক থানাৰ অন্তৰ্গত বশিষ্ঠ আৰক্ষীয়ে গুৱাহাটীৰ আই এছ বি টিৰ সন্মুখত চলোৱা তালাচী অভিযানত গ্ৰেপ্তাৰ হয় এটা গভাইত চোৰ। ধৃত চোৰটোৰ নাম জিহান যাদৱ ওৰফে বিশাল (৩৫) বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অভিযুক্তৰ পৰা এখন নম্বৰ প্ল
गुवाहाटी में गिरफ्तार चोरी के आरोपित की तस्वीर।


গুৱাহাটী, ৫ জুলাই (হি.স.)। গড়চুক থানাৰ অন্তৰ্গত বশিষ্ঠ আৰক্ষীয়ে গুৱাহাটীৰ আই এছ বি টিৰ সন্মুখত চলোৱা তালাচী অভিযানত গ্ৰেপ্তাৰ হয় এটা গভাইত চোৰ। ধৃত চোৰটোৰ নাম জিহান যাদৱ ওৰফে বিশাল (৩৫) বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে অভিযুক্তৰ পৰা এখন নম্বৰ প্লেট নথকা স্কুটি আৰু কিছু কাপোৰ উদ্ধাৰ কৰিছে। ধৃত অভিযুক্তৰ পৰা পোৱা তথ্যৰ ভিত্তিত চাংসাৰি থানা এলেকাৰ অন্তৰ্গত আমিনগাঁৱৰ মিকিছুকি গাঁৱত আন এক তালাচী অভিযান চলোৱা হয়।

এই অভিযানত অপৰাধত ব্যৱহৃত কাপোৰেৰে ভৰা এটা ক’লা স্কুল বেগ, কাপোৰেৰে ভৰা ক’লা আৰু গাঢ় নীলা ৰঙৰ স্কুল বেগ, ক’লা চাইড বেগ, নীলা আৰু নিয়ন সেউজীয়া চাইড বেগ, লোহাৰ হাতেৰে তৈয়াৰী দুটা চোকা সঁজুলি (বাহনৰ টায়াৰ পাংচাৰ কৰিবলৈ ব্যৱহাৰ কৰা), কেণ্ডিড ডাষ্টিং পাউদাৰ, ডাৰ্মিকেম এন্টিফাংগেল পাউদাৰ আৰু আধাৰ কাৰ্ড উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰি অধিক তদন্তত নিয়োজিত হৈ আছে আৰু এই অভিযুক্তৰ অন্যান্য চুৰি গোচৰত জড়িত থকাৰ তদন্তও চলি আছে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande