নলবাৰী, ০৫ জুলাই (হি.স.)। নলবাৰী জিলাৰ ধমধমাত নিশা সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা। নিশা তিনিখনকৈ দোকানৰ তলা ভাঙি সংঘটিত কৰে চুৰি কাণ্ড।
চোৰে দোকান কেইখনৰ পৰা নগদ ধন সহ কিছু সামগ্ৰী লৈ যায়। ঘটনা স্থলীত ধমধমা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে ধমধমা অঞ্চলত সঘনাই সংঘটিত হৈ আহিছে চুৰি কাণ্ডৰ ঘটনা।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু