নলবাৰীৰৰ দীঘেলি ভক্তদলা চুবুৰীত গৰু চোৰ আটক
নলবাৰীৰৰ দীঘেলি ভক্তদলা চুবুৰীত গৰু চোৰ আটক৷
নলবাৰীৰৰ দীঘেলি ভক্তদলা চুবুৰীত গৰু চোৰ আটক


নলবাৰী, ২৪ জুলাই (হি.স.): নলবাৰীৰৰ দীঘেলি ভক্তদলা চুবুৰীত গৰু চোৰ আটক কৰা হৈছে ৷ আটকাধীন তিনি চোৰ ক্ৰমে আব্দুল লতিফ, চাদ্দাম আলী আৰু চাহিদুল আলী বুলি পৰিচয় পোৱা গৈছে। নিশা ৰাইজে আটক কৰি দিয়ে উত্তম মাধ্যম ৷ কালি নিশা ১২ বজাত নলবাৰীৰ দীঘেলি ভক্তদলা চুবুৰীত এখন টাটা মেজিক সহ গৰু চোৰ কৰিবলৈ আহিছিল তিনিখন চাৰিচকীয়া বাহনত এটা চোৰৰ দল ৷ পিছে পুৰ্বৰে পৰা ৰাইজে গৰু চুৰি হৈ থকাৰ পিছত পহৰা দিয়াৰ ব্যবস্থা কৰাত যোৱা নিশা ৰাইজে আটক কৰে গৰু চুৰ কৰিবলৈ অহা তিনি গৰু চোৰক৷

অবশ্যে আন দুখন বাহনত অহা গৰু চোৰ কেইটা বাহন সহ পলাই যাবলৈ সক্ষম হয় ৷ ইতিমধ্যে আটকাধীন গৰু চোৰ কেইটা ধুবুৰীৰ পৰা আহিছিল ৷ আটাইকেইটা মিঞা সম্প্ৰদায়ৰ বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ ঘটনাস্থলীত নলবাৰী আৰু মুকালমুৱা আৰক্ষী আহি চোৰ কেইটাক আটক কৰে যদিও ৰাইজে গৰু চোৰ কেইটা ৰাইজৰ হাতত গটাই দিবলৈ দাবী জনাই পৰিবেশ উত্তপ্ত কৰি তোলে ৷ উক্ত ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande