
হোজাই, ২৫ জুলাই (হি.স.): হোজাইৰ মোৰাঝাৰত যোৱা কালি শুকুৰবাৰে সন্ধিয়া এজন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰা হয় ৷ ভুৱা চিকিৎসক গৰাকীৰ নাম বিলাল আহমেদ বুলি জানিব পৰা গৈছে ৷ মোৰাঝাৰ থানাৰ পদুমনিত ঘৰ ধৃত ভুৱা চিকিৎসক গৰাকীৰ ৷
মোৰাঝাৰ বজাৰত নিউ লাইফ মেডিকেল নামৰ এখন ফাৰ্মাচীত বহি ৰোগী চাইছিল চিকিৎসক গৰাকীয়ে ৷ অসম মেডিকেল কাউন্সিলৰ এণ্টি কোৱাকাৰী আৰু ভিজিলেন্স চেল (Antiquackery & Vigilance Cell)ৰ ফালৰ পৰা দিয়া অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে মোৰাঝাৰ আৰক্ষীয়ে ৷ মোৰাঝাৰ থানাৰ ১৩১/২০২৬ নম্বৰত গোচৰ পঞ্জিয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ ভুৱা চিকিৎসকগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২), ৩১৯(২), ৩৩৬(২), ৩৪০(২), ১২৫/২৭১ ধাৰাত ৰুজু হৈছে গোচৰ ৷ এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ