
বৰপেটা ২৫ জুলাই (হি.স.): বজালীৰ সদৰ পাঠশালাৰ সমীপবৰ্তী ডুবি গাঁৱত যোৱা কালি শুকুৰবাৰে বিয়লি পাঠশালা আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় । পাঠশালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পজ্যোতি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোপন সূত্ৰৰ ভিত্তিত ডুবি গাঁৱৰ হৃদয় মালাকৰ নামৰ এজন ব্যক্তিৰ বাসগৃহত তালাচী অভিযান চলায়।
অভিযানৰ সময়ত আৰক্ষীয়ে ঘৰৰ ভিতৰত অবৈধভাৱে মজুত কৰি ৰখা ৮ কিলো ৬৫ গ্ৰাম গাঞ্জা জব্দ কৰে । ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত হৃদয় মালাকৰক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়। জব্দকৃত গাঞ্জাখিনি বজাৰ মূল্য প্ৰায় ৭০ হাজাৰ টকা বুলি কোৱা হৈছে । এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ