ধুবুৰী। ০৫ জুলাই (হি.স.): ড্ৰাগছৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীৰ অভিযান অব্য়াহত আছে । গৌৰীপুৰৰ সাহেৱগঞ্জত যোৱাকালি শুকুৰবাৰে বিয়লি ড্ৰাগছ সহ আটক হয় এজন সৰবৰাহকাৰী। ড্ৰাগছ বিক্ৰী কৰি থকাৰ সময়তেই হাতে লোটে আটক কৰে আৰক্ষীয়ে। ২০ টা ড্ৰাগচৰ কন্টেইনাৰ সহ আটক সৰবৰাহকাৰীজন। লগতে জব্দ কৰা হৈছে সৰবৰাহত ব্যৱহৃত এখন নম্বৰবিহীন বাইক।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী জন- দাওভাঙি গাঁৱৰ ছপিকুল ইছলাম বুলি পৰিচয় পোৱা গৈছে। জানিব পৰা মতে- সাহেৱগঞ্জ নৈচাৰকুটি অঞ্চলত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহাৰ সময়তেই গৌৰীপুৰ আৰক্ষী থানা আৰু বালাজান আৰক্ষী চকী আৰু দাওভাঙি আৰক্ষীয়ে আটক কৰে যুৱক জনক। বালাজান আৰক্ষীয়ে তালাচি চলাই যুৱক জনৰ পৰা ২০(বিশ)টাকৈ কণ্টেনাৰ যাৰ পৰিমাণ ২২ গ্ৰাম।
বৰ্তমানে যুৱক জনক বালাজান আৰক্ষীয়ে আটক কৰি থানালৈ আনি সোধাপোচা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ