কোকৰাঝাৰ, ০৫ জুলাই (হি.স.)। গোসাঁইগাঁও মহকুমাৰ কাঠলগুৰিত স্থানীয় ৰাইজে আজি পুৱা পথৰ কাষৰ পৰা অচেতন অৱস্থাত এজন যুৱকক উদ্ধাৰ কৰা ঘটনাত অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। তথ্য অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ কৰা যুৱকজন গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত অক্সিগুৰী গাঁৱৰ ফয়জাল হকৰ পুত্ৰ ছাইদুল ইছলাম (২০) বুলি চিনাক্ত কৰা হৈছে৷আৰক্ষী সুত্ৰে জানিব পৰা অনুসৰি ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা যুৱকজন আন দিনাৰ দৰে কালিও পুৱা নিজৰ ই ৰিক্সা খন লৈ ঘৰৰ পৰা ওলাই গৈছিল যদিও নিশা পৰ্যন্ত যুৱকজন নিজগৃহলৈ উভতি অহা নাছিল৷ ফলত পৰিয়াল তথা আত্মীয়ই উৰে নিশা উৎকণ্ঠাৰে পাৰ কৰে৷ এই সময়ত পৰিয়াল বৰ্গই যুৱকজনৰ সৈতে বহুবাৰ যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিও বিফল হয়৷ কিন্তু আজি পুৱা কাঠলগুৰিৰ এজন অজ্ঞাত ব্যক্তিয়ে পৰিয়ালক ফোন কৰি যুৱকজনক বাটৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে বুলি জনোৱাত পৰিয়ালৰ লোকে যুৱকজনক গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷ জানিব পৰা অনুসৰি শ্ৰীৰামপুৰ অঞ্চলৰ পৰা যাত্ৰী হিচাপে উঠা এটা দুৰ্বৃত্তৰ দলে ই-ৰিক্সা চালকজনক নিষাজাতীয় দ্ৰব্য সেবন কৰাই ই-ৰিক্সা সহ নগদ ১২ হাজাৰ টকা আৰু মোবাইল লৈ দুৰ্বৃত্তৰ দলটোৱে যুৱকজনক মহকুমাৰ কঠালগুৰী এলেকাত পেলাই থৈ যায়৷সম্প্ৰতি এই ঘটনাৰ পিছত গোসাঁইগাঁও ই-ৰিক্সা মালিক সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি দোষীক কৰায়ত্ব কৰিবলৈ প্ৰশাসনক দাবী জনাইছে।ইয়াৰ পূৰ্বেও গোসাঁইগাঁও মহকুমাৰ সদৰ চহৰকে ধৰি বিভিন্ন এলেকাৰ পৰা ভাৰা কৰি নিয়া ই-ৰিক্সা চালকক নিষা জাতীয় দ্ৰৱ্য খুৱাই ই ৰিক্সা লৈ উধাও হোৱা একাধিক ঘটনা সংঘটিত হৈ আহিছে যদিও কোনো এগৰাকী দুৰ্বৃত্তক আৰক্ষীয়ে আজিলৈকে কৰায়ত্ব কৰিব নোৱাৰাত ই-ৰিক্সা চালক সকলে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ