বাংলাদেশৰ অনুপ্ৰৱেশ ৰোধৰ দাবীত আগৰতলাৰ পৰা দিল্লীলৈ টিপ্ৰা মথাৰ নেতা কৰ্মীৰ পদযাত্ৰা
আগৰতলা, ০৫ জুলাই (হি.স.)। ত্ৰিপুৰাত বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়টোক লৈ সৰৱ হৈ পৰিছে জনজাতি ভিত্তিক আঞ্চলিক ৰাজনৈতিক দল টিপ্ৰা মথা। অনুপ্ৰৱেশ ৰোধ কৰিবলৈ আজি দিল্লী অভিমুখে পদব্ৰজে ৰাওনা হৈছে মথাৰ নেতাসকল। ডেভিদ মুৰাসিঙৰ নেতৃত্বত মথাৰ ‘যোদ্ধা’ৰ এটা দলে শ
আগৰতলাৰ পৰা দিল্লীলৈ টিপ্ৰা মথাৰ নেতা কৰ্মীৰ পদযাত্ৰা


আগৰতলা, ০৫ জুলাই (হি.স.)। ত্ৰিপুৰাত বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়টোক লৈ সৰৱ হৈ পৰিছে জনজাতি ভিত্তিক আঞ্চলিক ৰাজনৈতিক দল টিপ্ৰা মথা। অনুপ্ৰৱেশ ৰোধ কৰিবলৈ আজি দিল্লী অভিমুখে পদব্ৰজে ৰাওনা হৈছে মথাৰ নেতাসকল। ডেভিদ মুৰাসিঙৰ নেতৃত্বত মথাৰ ‘যোদ্ধা’ৰ এটা দলে শনিবাৰে আগৰতলাৰ উত্তৰ (নৰ্থ) গেটৰ পৰা দিল্লীৰ যন্তৰ মন্তৰলৈ খোজকাঢ়ি ৰাওনা হয়।

শনিবাৰে সাংবাদিকক সম্বোধন কৰি মথাৰ নেতা ডেভিদ মুৰাসিঙে কয় যে বাংলাদেশৰ অনুপ্ৰৱেশ এক আন্তঃৰাষ্ট্ৰীয় সমস্যা। এই সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভূমিকা সন্তোষজনক নহয়। গতিকে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ দিল্লীলৈ পদযাত্ৰাৰ জৰিয়তে কেন্দ্ৰীয় নেতাসকলক এক বাৰ্তা প্ৰদান কৰিব।

তেওঁৰ মতে বাংলাদেশৰ অনুপ্ৰৱেশৰ বাবে ৰাজ্যৰ বহু লোক অধিকাৰৰ পৰা বঞ্চিত হৈছে। নিজৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ নিজৰ ঠাইৰ পৰাই সংগ্ৰাম কৰিবলগীয়া হৈছে। এই বিষয়ত বহু প্ৰতিনিধিয়ে প্ৰতিবাদ কৰিবলগীয়া হৈছিল। কিন্তু কোনো সমাধান পোৱা নগ’ল। গতিকে বাংলাদেশৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ দিল্লীলৈ যোৱা পদযাত্ৰাত যোগদান কৰিবলৈ বাধ্য হ’ল। এই সন্দৰ্ভত এমডিচি তথা টিপ্ৰা মথাৰ প্ৰাক্তন মুৰব্বী প্ৰদ্যোৎ কিশোৰ দেৱবৰ্মনে কয় যে, ডেভিদ মুৰাসিংহ আৰু আনসকলে সমগ্ৰ ত্ৰিপুৰাৰ সমস্যা সমাধানৰ বাবে খোজকাঢ়ি দিল্লীলৈ যাত্ৰা কৰাৰ সিদ্ধান্ত লৈছে। মোৰ লগতে মথাৰ নেতাসকলেও সমগ্ৰ ত্ৰিপুৰাৰ সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে। তেওঁলোকৰ এই পদক্ষেপক সকলোৱে আদৰণি জনোৱা উচিত।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande