লখীমপুৰ, ৩১ জুলাই (হি.স.)। লখীমপুৰত জাপানীজ এনকেফ্লাইটিছৰ প্ৰাদুৰ্ভাৱ। ৷ জাপানীজ এনকেফ্লাইটিছত ১৯ জন লোক আক্ৰান্ত । এজনৰ মৃত্যু ৷ এনকেফ্লাইটিছ সদৃশ ৰোগ(AES) ত ৭২ জন আক্ৰান্ত । বগীনদী/নাওবৈচা আদি অঞ্চলত অধিক প্ৰাদুৰ্ভাৱ বুলি চৰকাৰী তথ্য়ত প্ৰকাশ ৷
[ নাওবৈচাত মুঠ আক্ৰান্ত ৮ জন ৷ খগাত তেৰ বছৰীয়া কিশোৰ এজনৰ মৃত্যু ৷
জন্মৰ পৰা ১৩ বছৰ বয়সৰ শিশু আক্ৰান্ত । প্ৰতিষেধক গ্ৰহণ কৰা শিশুও আক্ৰান্ত ৷ উল্লেখ্য যে লখিমপুৰ ,ধেমাজি আৰু শিৱসাগৰ আদি পাঁচ খন জিলাক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে ২০১১ চনত বাহক জনিত ৰোগৰ প্ৰাদুৰ্ভাৱ থকা জিলা বুলি চিনাক্ত কৰি জাপানীজ এনকেফ্লাইটিছৰ প্ৰাদুৰ্ভাব নিয়ন্ত্ৰণৰ অৰ্থে নেচনেল ভেক্টৰ বৰ্ণ ডিজিজ কন্ট্ৰোল ৰ জৰিয়তে প্ৰতিষেধক দিয়াৰ পাইলট প্ৰজেক্ট আৰম্ভ কৰিছিল ৷ জন্মৰ পৰা ১৮ বছৰলৈ প্ৰায় লাখ আৰু পিছৰ পৰ্যায়ত ১৮ বছৰৰ ওপৰৰ প্ৰায় পাঁচ লাখ লোকক প্ৰতিষেধক দিয়া হৈছিল ৷ কিন্তু তাৰ পাছতো জাপানীজ এনকেফ্লাইটিছৰ প্ৰাদুৰ্ভাৱ হ্ৰাস নাপালে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা