গুৱাহাটী, ০১ আগষ্ট (হি.স.)। উত্তৰ-পূব বিকাশ দক্ষতা কেন্দ্ৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। বেতকুছিস্থিত দক্ষতা বিকাশ কেন্দ্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, দক্ষতা, নিযুক্তি আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন প্ৰমুখ্যে বিভাগীয় বিষয়া সকল। এই অনুষ্ঠানত বহিঃৰাষ্ট্ৰৰ লগতে ভাৰতৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰিছে অসমৰ বহু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।
আজি আনুষ্ঠানিকভাৱে ২৩৩ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰদান কৰে এই নিযুক্তি পত্ৰ। বছৰজোৰা প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক প্ৰদান কৰে নিযুক্তি পত্ৰ। ডুবাই, বাহৰেইন, চিংগাপুৰৰ বিভিন্ন প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰিছে অসমৰ যুৱক যুৱতীয়ে বিশেষকৈ সৌন্দৰ্য্য চৰ্চা আৰু সুস্থতা, খুচুৰা সেৱা, খাদ্য আৰু পানীয় সেৱা, আতিথ্য-গৃহ পৰিচালনা বিষয়ত বছৰজোৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল শিক্ষাৰ্থী সকলক। নিযুক্তিপ্ৰাপ্ত যুৱক-যুৱতীসকলৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
হিন্দুস্থান সমাচাৰ / Narayan Kar