গুৱাহাটী, ০১ আগষ্ট(হি.স.)। ৰাজ্য চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিক কেন্দ্ৰ কৰি কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ১৭ ছেপ্টেম্বৰৰ প্রধানমন্ত্ৰী মোদীৰ জন্মদিনৰ পৰা অৰুণোদয় ৩.০ আৰম্ভ হ’ব। ১ আগষ্টত ৰাজ্যৰ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা এক সংবাদ মেলৰ জৰিয়তে অৰুণোদয় আচনিৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
এতিয়াৰে পৰা অৰুণোদয় আঁচনি লাভ কৰা পৰিয়ালে ৰন্ধন গেছ ক্ৰয় কৰিলে ২৫০ টকা ৰেহাই পাব।
অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব মুখ্যমন্ত্ৰীৰ পত্ৰ আৰু কিতাপৰ টোপোলা। নতুন পঞ্চায়ত প্ৰতিনিধি অথবা জিলা আয়ুক্তৰ প্ৰতিনিধিয়ে এই পত্ৰ আৰু কিতাপ প্ৰদান কৰিব।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ