বঢ়মপুৰৰ এটা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজন কৰ্কট ৰোগত আক্ৰান্ত, ৰাইজলৈ সাহাৰ্য্যৰ আহ্বান
নগাঁও, ০৩ আগষ্ট (হি.স.)। বঢ়মপুৰৰ এজন দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি। পেছাত এজন চালক হিচাপে পোহপাল দি আছিল নিজৰ পত্নীসহ দুটি পুত্ৰ সন্তানক। কিন্তু এটি দুৰাৰোগ্যই এতিয়া সৰ্বশ্ৰান্ত কৰিছে সেই দুৰ্ভগীয়া পৰিয়াটোক। সাৰাংগ দাস নামৰ বঢ়মপুৰৰ ব্যক্তিজন বৰ্তমান ভুগিছে
বঢ়মপুৰৰ এটা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজন কৰ্কট ৰোগত আক্ৰান্ত, ৰাইজলৈ সাহাৰ্য্যৰ আহ্বান


নগাঁও, ০৩ আগষ্ট (হি.স.)। বঢ়মপুৰৰ এজন দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি। পেছাত এজন চালক হিচাপে পোহপাল দি আছিল নিজৰ পত্নীসহ দুটি পুত্ৰ সন্তানক। কিন্তু এটি দুৰাৰোগ্যই এতিয়া সৰ্বশ্ৰান্ত কৰিছে সেই দুৰ্ভগীয়া পৰিয়াটোক। সাৰাংগ দাস নামৰ বঢ়মপুৰৰ ব্যক্তিজন বৰ্তমান ভুগিছে জটিল কৰ্কট ৰোগত। ফলত দুৰ্ভগীয়া পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিশা।

ঘৰৰ পশুধন, সা-সম্পত্তি আদি বিক্ৰী কৰি পৰিয়ালটোৱে একমাত্র উপাৰ্জনকাৰী সাৰাংগক আৰোগ্য কৰাৰ অপ্ৰান চেষ্টা চলাইছে। কিন্তু বৰ্তমান উন্নত চিকিৎসাৰ বাবে ধনৰ অভাৱত যেন থমকি ৰ'ব লগা হৈছে সাৰাংগ। সাচতীয়া সকলো ধন খৰচ কৰি সাৰাংগক চিকিৎসা কৰাইছে যদিও বৰ্তমান আৰু যথেষ্ট টকাৰ প্ৰয়োজন সাৰাংগক সুস্থ কৰি তুলিবলৈ। স্থানীয় বিধায়ক ৰ ওচৰত কেইবাবাৰো কিছু সহায়ৰ বাবে হাত পাতিও কোনো ফল নোপোৱাৰ ফলত উপায়ন্তৰ হৈ এতিয়া সাধাৰণ ৰাইজৰ ওচৰত সহায়ৰ হাত বিচাৰিছে সাৰাংগ তথা পৰিয়ালটোৱে। নিজে আৰোগ্য হৈ পুনৰ পৰিয়ালটো পোহপাল দিবলৈ সাৰাংগই সামাজিক মাধ্যমৰ জৰিয়তে সাধাৰণ ৰাইজৰ পৰা বিচাৰিছে কিছু আৰ্থিক সহায়। কোনো সদাসয় ব্যক্তিয়ে তেখেতক সহায় কৰিবলৈ বিচাৰিলে তেখেতৰ বেংক একাউণ্ট নম্বৰত সহায় আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া ব্যক্তিজনে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande