বিটিচি প্ৰশাসনে মুকলি কৰে “বিমা সিবিনাই বিথাংখি” কল্যাণ আঁচনি
কোকৰাঝাৰ, ০৫ আগষ্ট (হি.স.)। এটা ঐতিহাসিক কল্যাণমূলক পদক্ষেপ হিচাপে বডোলেণ্ড হেপিনেছ মিছনৰ অধীনত বডোলেণ্ড প্ৰাদেশীয় পৰিষদে “বিমা সিবিনাই বিথাংখি” আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। বডোলেণ্ড আন্দোলনৰ শ্বহীদৰ জীয়াই থকা মাতৃ সকলৰ বাবে ই এক কল্যাণমুলক আঁচ
বিটিচি প্ৰশাসনে মুকলি কৰে “বিমা সিবিনাই বিথাংখি” কল্যাণ আঁচনি


কোকৰাঝাৰ, ০৫ আগষ্ট (হি.স.)। এটা ঐতিহাসিক কল্যাণমূলক পদক্ষেপ হিচাপে বডোলেণ্ড হেপিনেছ মিছনৰ অধীনত বডোলেণ্ড প্ৰাদেশীয় পৰিষদে “বিমা সিবিনাই বিথাংখি” আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। বডোলেণ্ড আন্দোলনৰ শ্বহীদৰ জীয়াই থকা মাতৃ সকলৰ বাবে ই এক কল্যাণমুলক আঁচনি। শ্বহীদ সকলৰ জীৱিত মাতৃ সকলৰ অধিকাংশই এতিয়া বিধৱা, বয়সীয়াল, অৰ্থ-সামাজিক কষ্টৰ সন্মুখীন হৈ আছে। তেওঁলোকৰ ত্যাগ আৰু দুখ-কষ্টক স্বীকৃতি দি আৰু তেওঁলোকৰ মৰ্যাদা, নিৰাপত্তা আৰু সামাজিক অন্তৰ্ভুক্তি নিশ্চিত কৰাৰ বাবে বিটিচি চৰকাৰে এই কল্যাণমূলক আঁচনিখন আৰম্ভ কৰিছে।

আঁচনিৰ অংশ হিচাপে প্ৰতিজন হিতাধিকাৰীয়ে ১০ বছৰৰ বাবে বাৰ্ষিক ১২ হাজাৰ টকা আৰ্থিক সাহায্য লাভ কৰিব। এই টকা তেওঁলোকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ প্ৰদান কৰা হ’ব। স্বচ্ছতা আৰু কাৰ্যকৰী বিতৰণ নিশ্চিত কৰিবলৈ বডোলেণ্ড হেপিনেছ মিছনৰ অধীনত এটা বিশেষ টাস্ক ফ’ৰ্চে যোগ্য হিতাধিকাৰী চিনাক্তকৰণ আৰু পৰীক্ষণৰ তদাৰক কৰা হব। পঞ্জীয়ন, অভিযোগ নিৰাময় আৰু সঠিক সময়ত সুবিধা প্ৰদানৰ বাবে এটা ডিজিটেল পৰ্টেল প্ৰস্তুত কৰা হয়। ইয়াত যিসকল মাতৃয়ে বৰ্তমানো অসম চৰকাৰ বা বিটিচি চৰকাৰৰ পৰা কোনো ধৰণৰ এক কালীন সাহায্য লাভ কৰা নাই তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ’ব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande