লোক কল্যাণ দিৱসত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অনবদ্য আৰিহণাৰ সশ্ৰদ্ধ সোঁৱৰণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ
গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৫ সংখ্যক পুণ্য তিথিত আয়োজিত লোক কল্যাণ দিৱসত ম
লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি তৰ্পণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ


গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৫ সংখ্যক পুণ্য তিথিত আয়োজিত লোক কল্যাণ দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মহান নেতা গৰাকীক সশ্ৰদ্ধ স্মৰণ কৰাৰ উপৰি ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰী সকলক সন্মান জনোৱাৰ বাবে অসম চৰকাৰে প্ৰদান কৰা কৰ্মশ্ৰী সন্মান আৰু লোক সেৱা পুৰস্কাৰ সমূহ প্ৰদান কৰে।

আজিৰ এই অনুষ্ঠানত ৰাজহুৱা প্ৰশাসন ব্যৱস্থাত উদ্ভাৱনীমূলক প্ৰদৰ্শন আৰু আচঁনি ৰূপায়নত বিশেষ কৰ্ম-কুশলতা প্ৰদৰ্শন কৰা ১২টা বিষয়াৰ দলক দলীয় তথা এককভাৱে কৰ্মশ্ৰী বঁটা আৰু ১০ গৰাকী অৰাজপত্ৰিত কৰ্মচাৰীক ৰাজ্যিক পৰ্যায়ৰ লোক সেৱা পুৰস্কাৰ মন্ত্ৰী গৰাকীয়ে প্ৰদান কৰাৰ উপৰি কামৰূপ মহানগৰ জিলাৰ ২ গৰাকী কৰ্মচাৰীক উৎকৃষ্ট সেৱাৰ স্বীকৃতিকল্পে জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। তদুপৰি বিভিন্ন জিলাত আয়োজিত লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত সৰ্বমুঠ ৫৯গৰাকী কৰ্মচাৰীক জিলা পৰ্যায়ৰ লোক সেৱা পুৰস্কাৰেৰে সন্মানিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰী গৰাকীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে লোক কল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিৱেদন কৰে।

অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী দাসে লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসমলৈ আগবঢ়োৱা অসামান্য অৱদানৰ অৱলোকন কৰি বৃটিছ কেবিনেট মিছনে গ্ৰুপিং পদ্ধতিৰে অসমক সেই সময়ৰ পূব পাকিস্থানৰ লগত চামিলকৰণৰ বিৰুদ্ধে সবল নেতৃত্বৰে এই গ্ৰুপিং ব্যৱস্থাক বিৰোধ নকৰাহেতেন অসমীয়া জাতি হিচাপে বা অসম হিচাপে আজি আমি ভাৰতৰ এখন গৌৰৱী অংগ ৰাজ্য হিচাপে বৰ্তি থকাতো কঠিন হ’লহেতেন বুলি মন্তব্য কৰে। কৃতজ্ঞ জাতি হিচাপে প্ৰতিগৰাকী অসমৰ জনসাধাৰণে সদায়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক স্মৰণ কৰিব বুলিও তেঁও কয়। অসমৰ তদানীন্তন ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে লোকপ্ৰিয় অভিধাৰে বিভূষিত কৰা এই গৰাকী মহান নেতাৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে সেয়েহে প্ৰতিগৰাকী অভিভাৱকে নিজৰ সতি-সন্ততিৰ মাজত চৰ্চা কৰাৰ প্ৰয়োজন আছে বুলিও তেঁও মন্তব্য কৰে। মন্ত্ৰী গৰাকীয়ে লগতে ২০২২ বৰ্ষৰ পৰা তেখেতৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি লোক কল্যাণ দিৱস পালনৰ লগতে ৰাজ্যখনৰ বিষয়া-কৰ্মচাৰীসকলক উৎসাহিত কৰাকৈ কৰ্মশ্ৰী সন্মান আৰু লোকসেৱা পুৰস্কাৰ প্ৰদানৰ উদ্যোগ লোৱাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোৱা সিদ্ধান্তৰো শলাগ লয়।

ভাষণ প্ৰসংগত মন্ত্ৰী দাসে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱে ৰাজ্যখনৰ শৈক্ষিক উত্তৰণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি অন্যান্য শিক্ষানুষ্ঠান তথা প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত লোৱা অগ্ৰণী ভূমিকাৰো আলোকপাত কৰাৰ লগতে তেখেতে অসমৰ বিভিন্ন জনজাতি আৰু জাতি-জনগোষ্ঠীৰ মাজত থকা সু-সম্পৰ্ক অধিক মধুৰ কৰাৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰো অৱলোকন কৰে।

মন্ত্ৰী গৰাকীয়ে কৰ্মশ্ৰী সন্মান আৰু লোকসেৱা পুৰস্কাৰপ্ৰাপ্ত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে এই সন্মানে তেখেতসকলক আৰু অধিক উৎসৰ্গিত তথা সমৰ্পিত আৰু জনসাধাৰণমুখী সেৱা আগবঢ়োৱাৰ বাবে প্ৰেৰণা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত ৰাজ্য চৰকাৰ জনস্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোচা, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুত্ৰ বলীন বৰদলৈ, ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা , আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, প্ৰশাসনীয় সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা ওজৰ আপত্তি বিভাগৰ প্ৰধান সচিব দিবাকৰ নাথ মিশ্ৰ, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব বৰ্ণালী ডেকাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

ইয়াৰ পূৰ্বে মন্ত্ৰী দাসে আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে নৱগ্ৰহ শ্মশানথলীৰ বৰদলৈদেৱৰ সমাধিক্ষেত্ৰত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰদ্ধা নিৱেদন কৰে। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া, বৰদলৈদেৱৰ পুত্ৰ বলীন বৰদলৈকে প্ৰমুখ্য কৰি গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande