ন-বৰাগাওঁ আদৰ্শ চিকিৎসালয়ৰ শুভাৰম্ভ আৰু চিৰাখাটী প্ৰৱাহিত জলসিঞ্চন আঁচনিৰ নলা নিৰ্মাণ আৰু উন্নীতকৰণ আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ
গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি যোৰহাট জিলা ভ্ৰমন কৰে। আজি পুৱাতে নেঘেৰিটিঙৰ বাঁহগুৰি ছগুৰি এলেকাৰ জলসিঞ্চন প্ৰকল্পটো পৰিদৰ্শন কৰে। ইয়াৰ পিছত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে ন বৰ
চিৰাখাটী প্ৰৱাহিত জলসিঞ্চন আঁচনিৰ নলা নিৰ্মাণ আৰু উন্নীতকৰণ আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ


গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি যোৰহাট জিলা ভ্ৰমন কৰে। আজি পুৱাতে নেঘেৰিটিঙৰ বাঁহগুৰি ছগুৰি এলেকাৰ জলসিঞ্চন প্ৰকল্পটো পৰিদৰ্শন কৰে। ইয়াৰ পিছত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে ন বৰাচুক আদৰ্শ চিকিৎসালয়খন শুভাৰম্ভ কৰি ৰাইজৰ বাবে উৎসৰ্গিত কৰে। মন্ত্ৰী জনে ইয়াৰ পাছতেই চিকিৎসালয়খনৰ পঞ্জীয়ন কক্ষ,ফাৰ্মাচী, পৰীক্ষাগাৰৰ নমুনা সংগ্ৰহ,অ পি ডি,প্ৰসুতিগৃহ আদি পৰিদৰ্শন কৰে।

এই শুভাৰম্ভ কাৰ্য্যসূচিৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত ৰাইজক উদ্দেশ্য কৰি নিজ বক্তব্যত মন্ত্ৰী অশোক সিংহলে কয় যে: চিকিৎসালয়ৰ লগত ৰাইজ সংপৃক্ত হৈ থাকিব লাগিব। চৰকাৰী চিকিৎসালয়ৰ প্ৰতি ৰাইজৰ এক নতুন আশা আহিছে।আজিৰ এই অনুষ্ঠানত যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, মৰিয়নি বিধান সভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মাখন শইকীয়াকে প্ৰমুখ্যে গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

ইয়াৰ পাছত তিপমীয়া আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু ন কছাৰীৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰে। চিকিৎসালয়খনৰ পঞ্জীয়ন কক্ষ,ফাৰ্মাচী, পৰীক্ষাগাৰৰ নমুনা সংগ্ৰহ,অ পি ডি,প্ৰসুতিগৃহ আদি পৰিদৰ্শন কৰাৰ লগতে আন্তঃ বিভাগত ভৰ্তি হৈ থকা ৰোগীৰ স্বাস্থ্যৰ বুজ লয়। ইয়াৰ পিছত এখন বৈঠকত মিলিত হৈ চিকিৎসালয়খনৰ বিভিন্ন ব্যৱস্থাৱলী সম্পৰ্কে বুজ লয়। সভাৰ অন্তত ন কছাৰী আদৰ্শ চিকিৎসালয়ৰ অধীনৰ আশা বাইদেউ সকলৰ সৈতেও মন্ত্ৰী গৰাকীয়ে মত বিনিময় কৰে। মন্ত্ৰীজনে ন কছাৰী অঞ্চলটোৰ চাহ বাগিচা সমূহত স্বাস্থ্য ব্যৱস্থা উন্নত কৰাৰ বাবে যোৰহাট জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য)ক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

ইয়াৰ পাছত জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে মৰিয়নিৰ এচ.অ.পি.ডি. (জি) শিতানৰ অৰ্থ সাহাৰ্যত চিৰাখাটী প্ৰৱাহিত জলসিঞ্চন আঁচনিৰ নলা নিৰ্মাণ আৰু উন্নীতকৰণ আঁচনিৰ আধাৰশিলা স্থাপন কৰে। তদুপৰি আৰ. আই. ডি.এফ (নাৱাৰ্ড) শিতানৰ অর্থ সাহাৰ্যত নতুন লুনপুৰীয়া আৰু পুৰনি লুনপুৰীয়া গাঁৱত নির্মিত সৌৰ শক্তিচালিত মধ্যম গভীৰ নলী-নাদ আঁচনি আৰু এচ,অ,পি,ডি, (এচ,চি,এচ,পি,) শিতানৰ অর্থ সাহার্যত দানী গাঁও, ভূঁঞাখাট আৰু বণিয়া গাঁৱত নিৰ্মিত সৌৰ শক্তি চালিত মধ্যম গভীৰ নলী নাদ আঁচনিৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত মৰিয়নি বিধান সভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মিৰ লগতে জলসিঞ্চন বিভাগৰ বহু কেইজন শীৰ্ষ বিষয়া উপস্থিত থাকে। শেষত, স্বাস্থ্যমন্ত্ৰী জনে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয় খন পৰিদৰ্শন কৰে।তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়খন পৰিদৰ্শনৰ অন্তত মন্ত্ৰী অশোক সিংহলে স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বিশেষকৈ মাতৃ আৰু শিশুৰ মৃত্যু বিষয়টো বৈঠকত গুৰুত্বসহকাৰে আলোচনা কৰা হয়।

মন্ত্ৰীগৰাকীয়ে এনে মৃত্যুৰ কাৰণ শীঘ্ৰে অৱগত কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক প্ৰতিটো স্বাস্থ্যসেৱা এলেকা নিয়মীয়াকৈ পৰিদৰ্শন কৰি এইক্ষেত্ৰত সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি এই বৈঠকত চিকিৎসালয়খনৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কতৃপক্ষক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰে। আজিৰ এই পৰিভ্ৰমনৰ সময়ত তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, জিলা আয়ুক্ত জয় শিৱানি, সম জিলা আয়ুক্ত বিপাঞ্চি দত্ত, অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) অভিজিত গগৈ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মাখন শইকীয়াকে ধৰি স্বাস্থ্য বিভাগৰ বহু কেইজন শীৰ্ষ বিষয়া উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande