গুৱাহাটী, ০৩ আগষ্ট(হি.স.)। গুৱাহাটী মহানগৰৰ নিৰাপত্তাৰ দায়িত্বত থকা স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ। মহানগৰীৰ বোন্দাত একেদিনাই পাঁচটা পৰিয়ালৰ ঘৰত চোৰৰ লুটপাত ।মহানগৰ আৰক্ষীক প্ৰত্যাহ্বান জনাই চোৰৰ দলটোৱে এটা পৰিয়ালৰ ঘৰত তিনি খন চকী মেজ পাৰি পাকঘৰত চাহ বিস্কুটেৰে পাৰ্টি কৰি গল বুলি ভুক্তভোগী পৰিয়ালে সংবাদ মাধ্য়মক অবগত কৰে।
বোন্দাৰ মোহন শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি ষ্টিল আলমিৰা ভাঙি সোণৰ গহনা, নগদ ধন আৰু মূল্যৱান সামগ্ৰী লুট কৰি নিয়ে। ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে পানীখাইটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ইপিনে, মোহন শৰ্মাৰ ঘৰৰ সমীপত থকা কোষৰাম বৈশ্যৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি তৰ্জা বেৰৰ ঘৰৰ বেৰ কাটি চোৰৰ দলটোৱে প্ৰৱেশ কৰি গেছ ছিলিণ্ডাৰ, কাপোৰ কানি, নগদ ৭০০০ টকা লুটি নিয়ে।
আনহাতে, একে অঞ্চলৰ মেম্বৰ বে, গুণো ৰংপি আৰু ৰমেশ চাহানিৰ ঘৰৰ পৰা চোৰে পানীৰ মটৰ আৰু বৈদ্যুতিক তাৰ চুৰি কৰি নিয়ে। ঘটনা সন্দৰ্ভত ভুক্তভোগী সকলে পৃথকে পৃথকে পানীখাইটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।
এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ