বিলাসীপাৰাত একাংশ নিৰ্বাচিত পঞ্চায়ত সদস্যই ভুৱা নথি পত্ৰ দাখিল কৰি জয়ী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে
ধুবুৰী, ০১ আগষ্ট (হি.স.)। বিলাসীপাৰাত একাংশ নিৰ্বাচিত পঞ্চায়ত সদস্যই ভুৱা নথি পত্ৰ দাখিল কৰি জয়ী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।বিলাসীপাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত চিৰাকুটা গাওঁ পঞ্চায়তত সংঘটিত হই উক্ত জালিয়তি।পঞ্চায়ত খনৰ ১ নং ৱাৰ্ড বামুণগাও ৰিভ
বিলাসীপাৰাত একাংশ নিৰ্বাচিত পঞ্চায়ত সদস্যই ভুৱা নথি পত্ৰ দাখিল কৰি জয়ী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে


ধুবুৰী, ০১ আগষ্ট (হি.স.)। বিলাসীপাৰাত একাংশ নিৰ্বাচিত পঞ্চায়ত সদস্যই ভুৱা নথি পত্ৰ দাখিল কৰি জয়ী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।বিলাসীপাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত চিৰাকুটা গাওঁ পঞ্চায়তত সংঘটিত হই উক্ত জালিয়তি।পঞ্চায়ত খনৰ ১ নং ৱাৰ্ড বামুণগাও ৰিভাৰ ব্লকৰ ৱাৰ্ড সদস্য আনোৱাৰ হুছেইনৰ বিৰুদ্ধে ভুৱা শপত নামা দাখিল কৰাৰ অভিযোগ। আৰটিআই তথ্যত পোহৰলৈ আহে আনোৱাৰ হুছেইনৰ শপত নামাত দাখিল কৰা ভুৱা তথ্য। পঞ্চায়ত নিয়ম অনুসৰি পঞ্চায়ত জনপ্ৰতিনিধিয়ে দুটাকৈ অধিক সন্তান থাকিলে খেলিব নোৱাৰিব নিৰ্বাচন। কিন্তু আনোৱাৰ হুছেইনৰ তিনিটা সন্তান থকাৰ পিছতো নিৰ্বাচনৰ খেলিবলৈ এজন সন্তানক বাদ দি ভুৱা শপত নামা দাখিল কৰে নিৰ্বাচনৰ আয়োগৰ ওচৰত।এই ক্ষেত্ৰত বিৰোধী পাৰ্টিয়ে ধুবুৰী জিলা আয়ুক্ত আৰু নিৰ্বাচন বিষয়াক লিখিত অভিযোগ দাখিল কৰে। এতিয়া প্ৰশ্ন হয় পঞ্চায়ত নিৰ্বাচনত চৰকাৰী নিয়ম নীতি নিৰ্দেশনা বুঢ়া আঙুলি দেখুৱাই নিৰ্বাচনত জয়ী হোৱা আনোৱাৰ হুছেইনৰ বিৰুদ্ধে জিলা আয়ুক্ত আৰু নিৰ্বাচন বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যনীয় হ'ব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande