হাজোৰ ৰামদিয়াৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙে উদঙাইছে উন্নয়ণৰ নমুনা
কামৰূপ, ০১ আগষ্ট (হি.স.)। নৱগঠিত হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামদিয়াৰ গেন্ধেলীতাৰী-হীৰাপাৰা সংযোগী পথৰ এখন বাহৰ দলংয়ে উদঙাই দিছে ৰাজ্যৰ উন্নয়নৰ ফোপোলা স্বৰূপ। হাজোৰ জনবহুল এলেকাৰ পথটোৰ ভগ্ন অংশত বাহৰ দলং খনৰে নিতৌ যাতায়ত কৰিবলগীয়া হোৱা
হাজোৰ ৰামদিয়াৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙে উদঙাইছে উন্নয়ণ


হাজোৰ ৰামদিয়াৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙে উদঙাইছে উন্নয়ণ


কামৰূপ, ০১ আগষ্ট (হি.স.)। নৱগঠিত হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামদিয়াৰ গেন্ধেলীতাৰী-হীৰাপাৰা সংযোগী পথৰ এখন বাহৰ দলংয়ে উদঙাই দিছে ৰাজ্যৰ উন্নয়নৰ ফোপোলা স্বৰূপ।

হাজোৰ জনবহুল এলেকাৰ পথটোৰ ভগ্ন অংশত বাহৰ দলং খনৰে নিতৌ যাতায়ত কৰিবলগীয়া হোৱাত ৰাইজে চৰম দুৰ্ভোগ ভুগিব লগীয়া হৈছে।

এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষৰ উপৰিও স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়াই পথটোৰ উন্নয়নৰ ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ ফল প্ৰসু ব্যবস্থা গ্ৰহণ নকৰাত ৰাইজে গভীৰ খেদ প্ৰকাশ কৰিছে।

কিয়নো পথটোৰ বাহৰ দলং খনৰে নিতৌ বিপদজনক ভাবে স্কুলীয়া ছাত্র ছাত্ৰী, ব্যবসায়ীৰ লগতে সৰ্বসাধাৰণ ৰাইজে যাতায়ত কৰিবলগীয়া হোৱাৰ ফলত চৰম আহুকালৰ সম্মুখীন হব লগীয়াত পৰিছে।

চৰকাৰে গ্ৰামঞ্চলৰ বাট পথৰ উন্নয়নৰ নামত ঢাক-ঢোল বজাই থকাৰ সময়তে হাজোৰ গেন্ধেলীতাৰী-হীৰাপাৰা সংযোগী পথৰ বাহৰ দলং খন মৰণফান্দত পৰিণত হৈছে।

উল্লেখযোগ্য যে গেন্ধেলীতাৰী-হীৰাপাৰা সংযোগী পথটো কিছু বছৰ পুৰ্বে বানে উটুৱাই নিছিল। স্থানীয় ৰাইজে বাহৰ দলং সাজি নিতৌ বিপদ সংকুল ভাবে অহা-যোৱা কৰি আহিছে।

ইফালে গেন্ধেলীতাৰী-হীৰাপাৰা সংযোগী পথতোৰ ভগ্ন অংশ মেৰামতি কৰি উন্নয়ন সাধন কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত স্থানীয় ৰাইজে কাতৰ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande