বোকাজানৰ খটখটিৰ পৰা লাহৰিজানত পুনৰ উচ্ছেদ হোৱাৰ সম্ভাৱনা
কাৰ্বি আংলং, ৩০ জুলাই (হি.স.)। পুনৰ উচ্ছেদ হোৱাৰ সম্ভাৱনা বোকাজানৰ খটখটিৰ পৰা লাহৰিজানত । উৰিয়ামঘাটৰ বৃহৎ উচ্ছেদৰ মাজতেই এইবাৰ বোকাজানৰ অসম নাগালেণ্ড সীমান্তত উচ্ছেদৰ যো জা দেখিবলৈ পোৱা গৈছে । বোকাজান মহকুমা প্ৰশাসনে আজি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়
বোকাজানৰ খটখটিৰ পৰা লাহৰিজানত পুনৰ উচ্ছেদ হোৱাৰ সম্ভাৱনা


কাৰ্বি আংলং, ৩০ জুলাই (হি.স.)। পুনৰ উচ্ছেদ হোৱাৰ সম্ভাৱনা বোকাজানৰ খটখটিৰ পৰা লাহৰিজানত । উৰিয়ামঘাটৰ বৃহৎ উচ্ছেদৰ মাজতেই এইবাৰ বোকাজানৰ অসম নাগালেণ্ড সীমান্তত উচ্ছেদৰ যো জা দেখিবলৈ পোৱা গৈছে ।

বোকাজান মহকুমা প্ৰশাসনে আজি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে অবৈধ ভাবে গঢ় লৈ উঠা ব্যৱসায়ীক প্ৰতিস্থান তথা বৃহৎ বৃহৎ অট্টালিকা সমূহত চলিব পাৰে প্ৰশাসনৰ বুলডজাৰ। আজি পুৱাৰে পৰা খটখটিৰ পৰা লাহৰিজান হৈ ডিমাপুৰলৈ পাৰ হৈ যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে থকা অবৈধ ভাবে নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান তথা আৱাসিক ঘৰ সমূহ অতি সোনকালেই উচ্ছেদ হোৱাৰ সম্ভাৱনা।

পুৱাৰে পৰা মহকুমা প্ৰশাসনে কৰা জৰীপ অনুসৰি মন্দিৰ, মছজিদ তথা বহু অবৈধভাবে নিৰ্মিত অট্টালিকা ভাঙি পেলোৱা হব পাৰে ।মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত কাৰ্বি আংলঙৰ উপায়ুক্তই বিশেষ এখন সমিতি গঠন কৰি এই জৰীপ ৩ দিনৰ ভিতৰত মূখ্যমন্ত্ৰীক দাখিলৰ নিৰ্দেশ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande