দলগাঁৱত কাপোৰৰ দোকানত সংঘটিত অগ্নিকাণ্ডত ৩০ লাখ টকাৰ সামগ্ৰী ভস্মীভূত
দৰং, ৩১ জুলাই (হি.স.)। দলগাঁৱৰ মৌছিটাত কাপোৰৰ দোকানত সংঘটিত ভয়াবহ অগ্নিকাণ্ড। দৰঙৰ দলগাঁৱৰ মৌছিটা বজাৰৰ মা ফেশ্বন ষ্ট''ৰ নামৰ কাপোৰৰ দোকানত আজি পুৱা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো। অগ্নিকাণ্ডৰ ফলত নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰ সা-সামগ্ৰী ভস্মীভূত হয়। ব
দলগাঁৱত কাপোৰৰ দোকানত সংঘটিত অগ্নিকাণ্ডত ৩০ লাখ টকাৰ সামগ্ৰী ভস্মীভূত


দৰং, ৩১ জুলাই (হি.স.)। দলগাঁৱৰ মৌছিটাত কাপোৰৰ দোকানত সংঘটিত ভয়াবহ অগ্নিকাণ্ড। দৰঙৰ দলগাঁৱৰ মৌছিটা বজাৰৰ মা ফেশ্বন ষ্ট'ৰ নামৰ কাপোৰৰ দোকানত আজি পুৱা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো। অগ্নিকাণ্ডৰ ফলত নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰ সা-সামগ্ৰী ভস্মীভূত হয়।

ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ স্বত্বাধিকাৰী ওমৰ আলীয়ে জনোৱা মতে- পুৱা আনুমানিক ৫ বজাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো।

ইনভার্টাৰৰ পৰা শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৰাইজৰ। যোগাযোগ কৰাৰ পিছতো সময়ত উপস্থিত হোৱা নাছিল অগ্নি নিৰ্বাপক বাহিনী। অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande