তেজপুৰত অৱহেলিত নটসূৰ্য্যৰ বাসগৃহ অখিল গগৈৰ উদ্য়োগত পুনৰ নিৰ্মাণ
শোণিতপুৰ, ৩১ জুলাই (হি.স.)। নটসূৰ্য্য ফণী শৰ্মাৰ ৫৫ সংখ্যক স্মৃতি দিৱস আজি উদযাপিত হৈছে ৰাজ্যজুৰি ৷ বছৰ বছৰ ধৰি চৰকাৰে কেন্দ্ৰীয় ভাৱে এই দিৱস উদযাপন কৰি বিভিন্নজনক প্ৰদান কৰি আহিছে নটসূৰ্য্য বঁটা ৷ পিছে আজিও অৱহেলিত নটসূৰ্য্যৰ বাসগৃহ৷ ৰজাঘৰীয়াৰ কোনো
তেজপুৰত অৱহেলিত নটসূৰ্য্যৰ বাসগৃহ অখিল গগৈৰ উদ্য়োগত পুনৰ নিৰ্মাণ


শোণিতপুৰ, ৩১ জুলাই (হি.স.)। নটসূৰ্য্য ফণী শৰ্মাৰ ৫৫ সংখ্যক স্মৃতি দিৱস আজি উদযাপিত হৈছে ৰাজ্যজুৰি ৷ বছৰ বছৰ ধৰি চৰকাৰে কেন্দ্ৰীয় ভাৱে এই দিৱস উদযাপন কৰি বিভিন্নজনক প্ৰদান কৰি আহিছে নটসূৰ্য্য বঁটা ৷ পিছে আজিও অৱহেলিত নটসূৰ্য্যৰ বাসগৃহ৷ ৰজাঘৰীয়াৰ কোনো আঁচনিয়ে ঢুকি নাপালে নটসূৰ্য্যৰ বাসগৃহটি ৷ উৱলি যোৱা গৃহটিত বৰষূণ দিলেই পানী পৰে ৷ আনহাতে ৰুগীয়া পুত্ৰ অজিত শৰ্মাৰ সৰু দোকানখনৰে ঘৰেই নচলে ৷ তেনেক্ষেত্ৰত ঘৰ নিৰ্মাণ কৰিবলৈ সাহস কৰিব নোৱাৰে ৷

অৱশ্য়ে নটসূৰ্য্যৰ বাসগৃহটি পুনৰ নিৰ্মাণৰ দায়িত্ব লৈছে বিধায়ক অখিল গগৈয়ে ৷ পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেজপুৰলৈ আহি এই বাসগৃহত উপস্থিত হৈছিল অখিল গগৈ ৷ তাৰ পিছতেই বিধায়ক অখিল গগৈয়ে ঘোষণা কৰিছিল গৃহটি পুনৰ নিৰ্মাণ কৰি দিব৷ য’ত নটসূৰ্য্যই সৃষ্টি কৰিছিল চিৰাজ, ভোগজৰা, কিয়, এমুঠি চাউল আদি অসংখ্য নাটকৰ ৷ সেই বাসগৃহটি দুই এদিনৰ ভিতৰতে সম্পূৰ্ণ হ’ব ৷ ইয়াৰ পিছতে এটা সংগ্ৰহালয় আৰু সমাধিস্থল নিৰ্মাণ কৰিব ৰাইজৰ দলে ৰাইজৰ সহযোগত ৷ শিল্পীক কিদৰে সন্মান দিব লাগে সেয়া জানে ৰাইজৰ দলে ৷ ইফালে বিজেপি চৰকাৰ শিল্পী বিৰোধী চৰকাৰ আখ্যা দিয়ে জ্যেষ্ঠ নাট্যকাৰ পৰিচালক ঐশ্বৰ্য কাকতীয়ে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande