অগপৰ বিদ্ৰোহৰ পাছতে মাজুলীত মন্ত্ৰী অতুল বৰা
মাজুলী, ৩০ জুলাই (হি.স.)। আঞ্চলিক দল অগপৰ বিদ্ৰোহৰ পাছতে মাজুলীত উপস্থিত হৈছে মন্ত্ৰী অতুল বৰা। বিদ্ৰোহ দমনৰ চেষ্টাৰে মিলিত হয় আলোচনাত। আজি বিয়লি জিলা অগপৰ গড়মূৰ স্থিত কাৰ্যালয়ত জিলাৰ নেতা কৰ্মীৰ সৈতে মিলিত হ’ল আলোচনাত। বিদ্ৰোহ দমনৰ চেষ্টাৰে মিলিত হৈ
অগপৰ বিদ্ৰোহৰ পাছতে মাজুলীত মন্ত্ৰী অতুল বৰা


মাজুলী, ৩০ জুলাই (হি.স.)। আঞ্চলিক দল অগপৰ বিদ্ৰোহৰ পাছতে মাজুলীত উপস্থিত হৈছে মন্ত্ৰী অতুল বৰা। বিদ্ৰোহ দমনৰ চেষ্টাৰে মিলিত হয় আলোচনাত। আজি বিয়লি জিলা অগপৰ গড়মূৰ স্থিত কাৰ্যালয়ত জিলাৰ নেতা কৰ্মীৰ সৈতে মিলিত হ’ল আলোচনাত। বিদ্ৰোহ দমনৰ চেষ্টাৰে মিলিত হৈছিল যদিও এই বিদ্ৰোহ কেতিয়াও প্ৰশমন হোৱাৰ আশা ক্ষীণ।

উল্লেখ্য যে , মাজুলী অগপে জিলা খনত যোৱা ১১জুলাইত ভংগ কৰিছিল মিত্ৰতা । যাৰ বাবে সভপতি অতুল বৰাই আজি ডেৰ ঘন্টা যোৰা ৰূদ্ধদ্বাৰ বৈঠকত মিলিত হয় জিলা খনৰ ২০ খন আঞ্চলিক আৰু নেতৃত্বৰ সৈতে ৷ আলোচনাত সভাপতি অতুল বৰাৰ বুজনিয়েও মনাব পৰা নাই মাজুলী অগপক৷

আনহাতে ২৬ হাতীৰ প্ৰতীকতে নিৰ্বাচন খেলাৰ হুংকাৰ দিয়ে মাজুলী অগপৰ কৰ্মীসকলে ৷ লগতে বিধায়ক ভূবন গামৰ বিৰুদ্ধে ক্ষোভ পুনৰ দোহাৰিলে৷ ইয়াৰ লগতে জিলা সভাপতি ব্ৰজেন গামে বিদ্ৰোহ অব্যাহত থাকিব বুলিও ঘোষণা কৰে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande