শ্ৰীভূমি জিলাত পুনৰ আটক হোৱা ৭ গৰাকী বাংলাদেশীক বাংলাদেশলৈ পুছবেক
শ্ৰীভূমি, ৩০ জুলাই (হি.স.)। শ্ৰীভূমি জিলাত পুনৰ আটক হোৱা ৭ গৰাকী বাংলাদেশীক বাংলাদেশলৈ পুছবেক। বৰাক উপত্যকাত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আৰক্ষীয়ে। সীমান্ত সূৰক্ষা বাহিনী চমুকৈ বি এছ এফ''ৰ চকুত ধূলি দি অবৈধ ভাবে ভাৰতত প্ৰৱেশ কৰা
শ্ৰীভূমি জিলাত পুনৰ আটক হোৱা ৭ গৰাকী বাংলাদেশীক বাংলাদেশলৈ পুছবেক


শ্ৰীভূমি, ৩০ জুলাই (হি.স.)। শ্ৰীভূমি জিলাত পুনৰ আটক হোৱা ৭ গৰাকী বাংলাদেশীক বাংলাদেশলৈ পুছবেক। বৰাক উপত্যকাত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আৰক্ষীয়ে। সীমান্ত সূৰক্ষা বাহিনী চমুকৈ বি এছ এফ'ৰ চকুত ধূলি দি অবৈধ ভাবে ভাৰতত প্ৰৱেশ কৰা পুনৰ ৭ গৰাকী বাংলাদেশীক আটক কৰে শ্ৰীভুমি আৰক্ষীয়ে। জিলাখনৰ বাংলাদেশ সীমান্তৱৰ্তী এলেকাত আটক কৰা এই বাংলাদেশী কেইজনক অৱশেষত বুধবাৰে তেওঁলোকৰ স্ব-গৃহ বাংলাদেশলৈ ওভতাই পঠিওৱা হয়।‌ বাংলাদেশী কেইজনৰ ভিতৰত দুগৰাকী মহিলা আৰু পাচঁ গৰাকী পুৰুষ । আটাইকেইজনকে বুধবাৰে বাংলাদেশলৈ পুছবেক কৰা হয়।

ইফালে, বাংলাদেশী কেইজনক তেওঁলোকৰ নিজ দেশ বাংলাদেশলৈ ওভতাই পঠিওৱা বিষয়টো নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্টত বাংলাদেশী কেইজনৰ ফটো আপলোড কৰি মুখ্যমন্ত্ৰীয়ে কয়, অনুপ্রৱেশ ৰোধৰ অবিৰাম প্রয়াসেৰে অসমৰ জনগাঁথনি পৰিৱর্তনকাৰী শক্তিৰ সৈতে আমি যুঁজ দিবলৈ সংকল্পবদ্ধ। আজিও (বুধবাৰে) অসম আৰক্ষীয়ে শ্রীভূমি জিলাৰ আন্ত:ৰাষ্ট্রীয় সীমান্তৰ সমীপত ৭গৰাকী অনুপ্রৱেশকাৰীক আটক কৰি তেওঁলোকৰ নিজ দেশ বাংলাদেশলৈ ওভতাই পঠাইছে। অসমৰ স্বার্থ সুৰক্ষাৰ বাবে আমাৰ এই অভিযান ধাৰাবাহিকভাৱে চলি থাকিব বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande