নতুন দিল্লী, ২৯ জুলাই (হি.স.)। কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই মঙলবাৰে পেহেলগাম আক্ৰমণক কেন্দ্ৰীয় চৰকাৰৰ বিশাল ব্যৰ্থতা আখ্যা দি গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ দায়িত্ব ল’ব লাগে বুলি মন্তব্য কৰে। তেওঁ কটাক্ষ কৰি কয় যে নেতৃত্ব কৃতিত্ব লোৱাৰ বাবে নহয়, দায়িত্ব লৈহে গঢ় লৈ উঠে। দেশক প্রতিশোধৰ লগতে সকলোৰে জীৱন ৰক্ষাৰ প্রতিশ্রুতিৰ প্রয়োজন ৷ সেনাৰ ক্ষমতাৰ সমান্তৰালকৈ চৰকাৰৰ সত্যতাও প্রয়োজন ৷
পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি প্ৰত্যুত্তৰ জনাই ভাৰতৰ শক্তিশালী, সফল আৰু নিৰ্ণায়ক ‘অপাৰেচন সিন্দুৰ’ সম্পৰ্কে লোকসভাত আজি এক বিশেষ আলোচনাত অংশগ্ৰহণ কৰে প্ৰিয়ংকা গান্ধীয়ে। মুম্বাই আক্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কয় যে সন্ত্ৰাসবাদী কাণ্ডৰ পিছত মহাৰাষ্ট্ৰৰ তদানীন্তন মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিছিল। পেহেলগাম আক্ৰমণৰ দায়িত্ব গৃহমন্ত্ৰীয়ে ল’ব লাগে বুলিও কয় ছানীয়ে। কেন্দ্ৰীয় চৰকাৰে দেশক সঁচা কথা কোৱাৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰে তেওঁ। তেখেতে কয় যে, কৃতিত্বৰ কৃতিত্ব লৈ নেতৃত্ব শক্তিশালী নহয়, সফলতা আৰু বিফলতা দুয়োটাৰে দায়িত্ব লোৱাৰ দ্বাৰাহে শক্তিশালী হয়। ই সোণৰ মুকুট নহয়, কাঁইটৰ মুকুটহে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কথা উল্লেখ কৰি প্ৰিয়ংকাই কয় যে তেওঁৰ সফল কূটনীতিৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিক্সনৰ মোকাবিলা কৰিছিল। পাকিস্তান বিভাজিত হ’ল, বাংলাদেশৰ সৃষ্টি হ’ল আৰু এক লাখ পাকিস্তানী সৈনিকক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰা হ’ল, কিন্তু ইন্দিৰা গান্ধীয়ে কেতিয়াও ইয়াৰ কৃতিত্ব ল’বলৈ চেষ্টা কৰা নাছিল। কেন্দ্ৰীয় চৰকাৰে সদায় প্ৰশ্নৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে বুলিও কয় প্ৰিয়ংকাই। একে ক্ৰমত তেই কয় যে অপাৰেচন সিন্দুৰত আমাৰ জাহাজসমূহৰ ক্ষতিৰ বিষয়ে চৰকাৰে স্পষ্ট উত্তৰ দিব লাগে।
বাটলা হাউছ এনকাউণ্টাৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে ছোনিয়া গান্ধীক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰিয়ংকাই। মাকৰ চকুলোৰ কথা সদনত চৰ্চা হৈছিল বুলি উল্লেখ কৰে। তেওঁ কয় যে সন্ত্ৰাসবাদীৰ হাতত শ্বহীদ হোৱাৰ সময়তহে মাকে চকুলো টুকিছিল, যেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ৪৪ বছৰ। আজি মই এই সদনত থিয় হৈ সেই ২৬ জন ব্যক্তিৰ কথা কৈছো কাৰণ মই তেওঁলোকৰ যন্ত্ৰণা জানো আৰু অনুভৱ কৰিছো।
কংগ্ৰেছ সদস্য প্ৰিয়ংকাই কয় যে চৰকাৰে কৈছে যে অপাৰেচন সিন্দুৰৰ উদ্দেশ্য আছিল পাকিস্তানক শিক্ষা দিয়া। তেওঁৰ মতে হয়তো এই উদ্দেশ্য অসম্পূৰ্ণ। এয়া আমাৰ কূটনৈতিক ব্যৰ্থতা। ইয়াৰ প্ৰমাণ পাকিস্তানী জেনেৰেলে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা আৰু পাকিস্তানক ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ ঘটনা ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া