বিহাৰৰ দৰভংগাৰ পৰা গ্ৰেপ্তাৰ বংগ দম্পতীৰ বিৰুদ্ধে চাইবাৰ জালিয়াতিৰ ৯০০ গোচৰ
কলকাতা, ৩০ জুলাই (হি.স.)। সমগ্ৰ দেশৰ প্ৰায় ৯০০টা চাইবাৰ জালিয়াতিৰ গোচৰত নাম উল্লেখ কৰা স্বামী-স্ত্ৰীক বিহাৰৰ দৰভঙাৰ পৰা কুচবিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই দম্পতীৰ বিৰুদ্ধে কেইবা ডজন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৯০০ৰো অধিক চাইবাৰ জালিয়াতিৰ
गिरफ्तारी की सांकेतिक तस्वीर


কলকাতা, ৩০ জুলাই (হি.স.)। সমগ্ৰ দেশৰ প্ৰায় ৯০০টা চাইবাৰ জালিয়াতিৰ গোচৰত নাম উল্লেখ কৰা স্বামী-স্ত্ৰীক বিহাৰৰ দৰভঙাৰ পৰা কুচবিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই দম্পতীৰ বিৰুদ্ধে কেইবা ডজন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৯০০ৰো অধিক চাইবাৰ জালিয়াতিৰ গোচৰ পঞ্জীয়ন কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি এইসকল লোকে এই পৰ্যন্ত ৪৮ লাখ ১৫ হাজাৰ টকা প্ৰতাৰণা কৰিছে।

বুধবাৰে পুৱা জিলা আৰক্ষীয়ে জাৰি কৰা এক বিবৃতিত আটকাধীন অভিযুক্তৰ নাম শুভজিৎ বল্লৱ আৰু ৰিয়া হালদাৰ বল্লৱ বুলি জানিব পৰা গৈছে। দুয়োজনেই মূলতঃ নাদিয়া জিলাৰ ৰানাঘাটৰ। এই দম্পতীক পূৰ্বেও মুৰ্ছিদাবাদ জিলাৰ জাংগীপুৰ থানাত ধৰা পৰিছিল যদিও জামিনত ওলাই অহাৰ পিছত পুনৰ চাইবাৰ জালিয়াতি আৰম্ভ কৰে।

কুচবিহাৰ জিলা আৰক্ষী অধীক্ষক দুতিমান ভট্টাচাৰ্যই জনোৱা মতে, সাহেবগঞ্জ আৰু টুফানগঞ্জ থানাত ৰুজু হোৱা দুটা গোচৰৰ তদন্তৰ সময়ত বিহাৰৰ দৰভঙাৰ এখন হোটেলত থকা দম্পতীহালক কৰায়ত্ত কৰা হয়। ট্ৰেনজিট ৰিমাণ্ডত তেওঁক কুচবিহাৰলৈ অনা হয়।

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে সীমান্ত অঞ্চলত বি এছ এফৰ আউটপোষ্টৰ সন্মুখত থকা কাষ্টমাৰ চাৰ্ভিচ পইণ্ট (চি এছ পি)ক লক্ষ্য কৰি মানুহক প্ৰতাৰণা কৰিছিল দম্পতীহালে। বি এছ এফৰ বিষয়া, কোম্পানী কমাণ্ডাৰ বা পৰিদৰ্শকৰ ৰূপ লৈ অভিযুক্তই ফোন কৰি কয় যে কিছু টকা পঠিয়ালে নগদ ধন বা কমিচনত ঘূৰাই দিয়া হ’ব। বি এছ এফৰ কেম্পত মানুহ উপস্থিত হ’লেই বুজিব যে তেওঁলোকক প্ৰতাৰণা কৰা হৈছে।

যেতিয়া আৰক্ষীয়ে ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ পৰ্টেলত শুভজিতৰ মোবাইল নম্বৰ পৰীক্ষা কৰে তেতিয়া জানিব পৰা যায় যে কেৱল ২০২৪ চনত শুভজিতৰ নম্বৰ ৮৭৭টা এফআইআৰত পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২৫ চনত এতিয়ালৈকে ৬৮টা এফআইআৰ পঞ্জীয়ন কৰা হৈছে।ইয়াৰে ১৯টা গোচৰ কেৱল কুচ বেহাৰ জিলাতহে পঞ্জীয়ন কৰা হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি উত্তৰ প্ৰদেশত ১৮৩টা, ৰাজস্থানত ১০৭টা, তেলেংগানাত ৭৭টা, মহাৰাষ্ট্ৰত ৬০টা, দিল্লীত ৫৫টা, বিহাৰত ৫৪টা, তামিলনাডুত ৪৯টা আৰু পশ্চিমবংগত ৪৩টা গোচৰ ৰুজু হৈছে। ইয়াৰ উপৰিও দেশৰ বিভিন্ন কেন্দ্ৰীয় শাসিত অঞ্চলতো ২৫৮টা গোচৰ পঞ্জীয়ন কৰা হৈছে।

এই জালিয়াতিৰ ৰেকেটত আৰু কোন জড়িত আছে আৰক্ষীয়ে তদন্ত কৰি আছে। লগতে এই দম্পতীয়ে কিমান ভুৱা পৰিচয় পত্ৰ আৰু একাউণ্ট ব্যৱহাৰ কৰিছিল সেয়াও নিশ্চিত কৰা হৈছে। আৰক্ষীৰ মতে এই জালিয়াতিৰ নেটৱৰ্ক বহু ৰাজ্যত বিয়পি পৰিছিল আৰু ই আন ৰাজ্যৰ অপৰাধীৰ সৈতেও সংযুক্ত হ’ব পাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande