ট্ৰাম্পৰ ভাবুকি সন্দৰ্ভত চৰকাৰে কয় যে, চৰকাৰে ৰাষ্ট্ৰীয় স্বাৰ্থত সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব’
নতুন দিল্লী, ৩০ জুলাই (হি.স.)। ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত আমেৰিকাই কৰ আৰোপ কৰাৰ ভাবুকিৰ সন্দৰ্ভত ভাৰত চৰকাৰে কয় যে তেওঁলোকে নিজৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। ব্ৰিটেইনৰ সৈতে হোৱা কম্প্ৰহেন্সিভ ইকন
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়


নতুন দিল্লী, ৩০ জুলাই (হি.স.)। ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত আমেৰিকাই কৰ আৰোপ কৰাৰ ভাবুকিৰ সন্দৰ্ভত ভাৰত চৰকাৰে কয় যে তেওঁলোকে নিজৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। ব্ৰিটেইনৰ সৈতে হোৱা কম্প্ৰহেন্সিভ ইকনমিক এণ্ড কমাৰ্চ এগ্ৰিমেণ্টতো আমি একেই কাম কৰিলোঁ।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ কৰ (শুল্ক) আৰোপ কৰাৰ ভাবুকি সন্দৰ্ভত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত মন্ত্ৰালয়ে কয় যে দ্বিপাক্ষিক বাণিজ্য সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দিয়া বক্তব্য আমি লক্ষ্য কৰিছো। ভাৰত চৰকাৰে ইয়াৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰি আছে।

মন্ত্ৰালয়ে কয় যে ভাৰতে নিজৰ কৃষক, উদ্যোগপতি আৰু ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ স্বাৰ্থৰ কল্যাণ আৰু সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে। ভাৰত আৰু আমেৰিকাই যোৱা কেইমাহমানৰ পৰা এক ন্যায্য, সুষম আৰু পাৰস্পৰিকভাৱে লাভজনক দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ আলোচনাত মিলিত হৈছে। আমি এই উদ্দেশ্যৰ প্ৰতি দায়বদ্ধ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande