অহা ২, ৯ আৰু ১৬ আগষ্টত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত নহ’ব কোনো ধৰণৰ প্ৰহৰী সলনি অনুষ্ঠান
নতুন দিল্লী, ৩১ জুলাই (হি.স.)। প্ৰতি শনিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ চোতালত অনুষ্ঠিত হোৱা পৰম্পৰাগত প্ৰহৰী সালসলনি অনুষ্ঠান অহা ২, ৯ আৰু ১৬ আগষ্টত অনুষ্ঠিত নহ’ব। এই সিদ্ধান্ত লোৱা হৈছে চেৰেমনিয়াল বেটেলিয়নৰ বিশেষ ব্যস্ততাৰ বাবে। ৰাষ্ট্ৰপতি ভৱনে বৃহস্পতিবা
প্ৰহৰী পৰিবৰ্তন (গাৰ্ড চেঞ্জ) অনুষ্ঠান


নতুন দিল্লী, ৩১ জুলাই (হি.স.)। প্ৰতি শনিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ চোতালত অনুষ্ঠিত হোৱা পৰম্পৰাগত প্ৰহৰী সালসলনি অনুষ্ঠান অহা ২, ৯ আৰু ১৬ আগষ্টত অনুষ্ঠিত নহ’ব। এই সিদ্ধান্ত লোৱা হৈছে চেৰেমনিয়াল বেটেলিয়নৰ বিশেষ ব্যস্ততাৰ বাবে।

ৰাষ্ট্ৰপতি ভৱনে বৃহস্পতিবাৰে জাৰি কৰা আনুষ্ঠানিক বিবৃতি অনুসৰি আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি আৰু ভাৰত ভ্ৰমণ উপলক্ষে এজন বিদেশী ৰাষ্ট্ৰপতিক প্ৰদান কৰিবলগীয়া গাৰ্ড অৱ অনাৰৰ প্ৰস্তুতিত আনুষ্ঠানিক বেটেলিয়ন সম্পূৰ্ণৰূপে নিয়োজিত হ’ব। এই কাৰণে এই জনপ্ৰিয় অনুষ্ঠানটো নিৰ্ধাৰিত তাৰিখত স্হগিত থাকিব।

উল্লেখযোগ্য যে দৰ্শনাৰ্থী আৰু পৰ্যটকৰ মাজত অতি জনপ্ৰিয় ৰাষ্ট্ৰপতি ভৱনৰ এই বিশেষ পৰম্পৰা হিচাপে পৰিগণিত প্ৰহৰী পৰিবৰ্তন (গাৰ্ড চেঞ্জ) অনুষ্ঠান। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি ভৱনৰ নিৰাপত্তাৰক্ষী দলসমূহৰ আনুষ্ঠানিক সালসলনি হোৱাৰ লগতে বেণ্ডৰ প্ৰদৰ্শন আৰু অনুশাসনৰ আভাস ইয়াত দেখা যায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande