এয়াৰ ইণ্ডিয়াৰ আন এখন বিমানত কাৰিকৰী বিজুতি, লণ্ডনলৈ যোৱা বিমান বাতিল
- কাৰিকৰী দোষৰ বাবে লণ্ডনলৈ উৰা মাৰিব নোৱাৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান নতুন দিল্লী, ৩১ জুলাই (হি.স.)। এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৯ বিমানখন নতুন দিল্লী বিমানবন্দৰৰ পৰা লণ্ডনলৈ উৰা মাৰিবলৈ ওলাইছিল যদিও কাৰিকৰী বিজুতিৰ বাবে বৃহস্পতিবাৰে বিমানখনে উৰা মাৰিব
এয়াৰ ইণ্ডিয়া


- কাৰিকৰী দোষৰ বাবে লণ্ডনলৈ উৰা মাৰিব নোৱাৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান

নতুন দিল্লী, ৩১ জুলাই (হি.স.)। এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৯ বিমানখন নতুন দিল্লী বিমানবন্দৰৰ পৰা লণ্ডনলৈ উৰা মাৰিবলৈ ওলাইছিল যদিও কাৰিকৰী বিজুতিৰ বাবে বৃহস্পতিবাৰে বিমানখনে উৰা মাৰিব নোৱাৰিলে। এই এয়াৰ ইণ্ডিয়াৰ বিমান নম্বৰ এআই-২০১৭ আপাততঃ বাতিল কৰা হৈছে।

এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিত কয় যে কাৰিকৰী ত্ৰুটিৰ বাবে দিল্লীৰ পৰা লণ্ডন অভিমুখী বিমান নম্বৰ এআই-২০১৭ উভতি আহিছিল। ককপিটৰ ক্ৰুৱে মানক অপাৰেটিং পদ্ধতি অনুসৰণ কৰি বিমানখনৰ উৰণ বাতিল কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত এই বিমানখন সতৰ্কতামূলক তদন্তৰ বাবে পুনৰ লৈ যোৱা হৈছে।

মুখপাত্ৰগৰাকীয়ে কয় যে যাত্ৰীসকলক অতি সোনকালে লণ্ডনলৈ লৈ যোৱাৰ বাবে বিকল্প বিমান ব্যৱস্থা কৰা হৈছে। এই অভাৱনীয় পলমৰ ফলত হোৱা অসুবিধা কম কৰিবলৈ আমাৰ গ্ৰাউণ্ড ষ্টাফে যাত্ৰীসকলক সকলো ধৰণৰ সহায় আৰু যত্ন আগবঢ়াইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande