পুঞ্চত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ অব্যাহত, দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ সম্ভাৱনা
পুঞ্চ, ৩০ জুলাই (হি.স.)। জম্বুমু-কাশ্মীৰৰ পুঞ্চ খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাত বুধবাৰে পুৱতি নিশা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে য’ত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও নিশ্চিত হোৱা নাই। তথ্য
ভাৰতীয় সেনাবাহিনী


পুঞ্চ, ৩০ জুলাই (হি.স.)। জম্বুমু-কাশ্মীৰৰ পুঞ্চ খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাত বুধবাৰে পুৱতি নিশা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে য’ত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও নিশ্চিত হোৱা নাই।

তথ্য অনুসৰি, ফৰৱাৰ্ড পদৰ আগত সন্দেহজনক কাৰ্যকলাপৰ কিছু খবৰ পোৱাৰ পিছত বিশেষকৈ বাবা বুঢ়া অমৰনাথ যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি পুঞ্চ খণ্ডৰ সমগ্ৰ নিয়ন্ত্ৰণ ৰেখাক হাই এলাৰ্টত ৰখা হয়। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, আজি পুৱাৰ ভাগত নিয়ন্ত্ৰণ ৰেখাৰ ফালে এদল সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল যদিও সেনা জোৱানে সময়মতে প্ৰতিশোধ লয়। শেষৰ প্ৰতিবেদন নোপোৱালৈকে অঞ্চলটোত গুলীচালনা চলি আছিল।

এক্সত এটা পোষ্টত এই কথা নিশ্চিত কৰি হোৱাইট নাইট কৰ্পে লিখিছে যে পুঞ্চ ছেক্টৰৰ সাধাৰণ অঞ্চলৰ বেৰৰ ওচৰৰ আমাৰ সৈন্যসকলে দুজন ব্যক্তিৰ সন্দেহজনক কাৰ্যকলাপ দেখিছিল আৰু গুলীচালনা হৈছিল। অপাৰেচন চলি আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande