শিলিগুৰিত ভুৱা নথি-পত্ৰসহ গ্ৰেপ্তাৰ চীনৰ নাগৰিক, সতৰ্ক নিৰাপত্তা সংস্থা
কলকাতা, ২৯ জুলাই (হি.স.)। ভাৰত-নেপাল সীমান্তৰ শিলিগুৰিৰ সমীপত ভুৱা নথি-পত্ৰসহ গ্ৰেপ্তাৰ হৈছে এজন সন্দেহযুক্ত চীনা নাগৰিক। সোমবাৰে নিশা খোদিবাৰী আৰক্ষী থানাই সশস্ত্ৰ সীমা বালৰ সহায়ত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এইজন বিদেশী নাগৰিকক আটক কৰে। শিলিগুৰি আৰক
arrest1


কলকাতা, ২৯ জুলাই (হি.স.)। ভাৰত-নেপাল সীমান্তৰ শিলিগুৰিৰ সমীপত ভুৱা নথি-পত্ৰসহ গ্ৰেপ্তাৰ হৈছে এজন সন্দেহযুক্ত চীনা নাগৰিক। সোমবাৰে নিশা খোদিবাৰী আৰক্ষী থানাই সশস্ত্ৰ সীমা বালৰ সহায়ত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এইজন বিদেশী নাগৰিকক আটক কৰে।

শিলিগুৰি আৰক্ষীৰ তথ্য অনুসৰি শিলিগুৰিৰ পানীতংকি অঞ্চলৰ নিউ ব্ৰীজৰ ট্ৰেড এণ্ড ট্ৰেনজিট ৰুটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে, য’ত এছ এছ বিৰ ৪১ নং বেটেলিয়নৰ ‘চি’ কোম্পানীয়ে নিয়মীয়াকৈ পৰীক্ষা অভিযান চলাই আছিল। এই সময়ছোৱাত এজন ব্যক্তিৰ পৰা সন্দেহজনক নথি-পত্ৰ উদ্ধাৰ হোৱাৰ পিছত লগে লগে জিম্মাত লোৱা হয়। জেৰাৰ সময়ত ব্যক্তিজনৰ পৰা দুটা ভিন্ন নামত জাৰি কৰা চুইজাৰলেণ্ডৰ পাছপ’ৰ্ট আৰু ভুৱা নেপালী নাগৰিকত্বৰ নথি উদ্ধাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ প্ৰকৃত পৰিচয় কি, কোন পথেৰে ভাৰতত প্ৰৱেশ কৰিছিল আৰু তেওঁৰ উদ্দেশ্য কি আছিল - এই সকলোবোৰ দিশৰ ওপৰত পুংখানুপুংখ তদন্ত চলি আছে।

আৰক্ষীয়ে নিশ্চিত কৰিছে যে তেওঁ প্ৰকৃততে চীনৰ নাগৰিক। আৰক্ষীৰ উপৰি কেন্দ্ৰীয় চোৰাংচোৱা আৰু নিৰাপত্তা সংস্থাসমূহেও এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে। বিশ্বাস কৰা হয় যে এয়া স্বাভাৱিক অনুপ্ৰৱেশ নহয় যদিও ই এক বৃহৎ ষড়যন্ত্ৰৰ অংশ হ’ব পাৰে। ঘটনাৰ পিছত ভাৰত-নেপাল সীমান্তত অধিক সতৰ্কতা বৃদ্ধি কৰা হৈছে। নিৰাপত্তা বাহিনীক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। উত্তৰ বংগৰ ভাৰত-নেপাল আৰু ভাৰত-ভূটান সীমান্ত বিগত সময়তো সন্দেহজনক কাম-কাজৰ বাবে ব্যৱহাৰ কৰা হৈছে, গতিকে নিৰাপত্তা সংস্থাই এই গ্ৰেপ্তাৰক অতি গুৰুত্বসহকাৰে লৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande