ভুৱনেশ্বৰ, ২৭ জুলাই (হি.স.)। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰাক্তন ৰাষ্ট্ৰপতি তথা 'মিছাইল মেন' নামেৰে খ্যাত ড° এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেওবাৰে ছ’চিয়েল মিডিয়াত লিখিছে, প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী 'ভাৰত ৰত্ন' 'মিছাইল মেন' নামেৰে পৰিচিত ড° এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি। ড° কালামৰ সমগ্ৰ জীৱন দেশপ্ৰেম, নম্ৰতা আৰু বিজ্ঞানসন্মত চিন্তাৰ আদৰ্শ নিদৰ্শন আছিল। তেওঁৰ অক্লান্ত কঠোৰ পৰিশ্ৰমেৰে ভাৰতক প্ৰতিৰক্ষা, মহাকাশ আৰু শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিছিল। যুৱক-যুৱতীসকলৰ সপোনক শক্তি প্ৰদান কৰা ‘ৰাইজৰ ৰাষ্ট্ৰপতি’ কালাম জীয়ে নিজৰ চিন্তা, কৰ্ম আৰু আচৰণৰ জৰিয়তে প্ৰমাণ কৰিলে যে সাধাৰণ পটভূমিৰ পৰাও অসাধাৰণ উচ্চতা লাভ কৰিব পৰা যায়। তেওঁৰ সৰলতা, সততা আৰু দেশপ্ৰেমে আগন্তুক প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া