নতুন দিল্লী, ২৮ জুলাই (হি.স.)। লোকসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত সোমবাৰে আলোচনাৰ সময়ত কংগ্ৰেছৰ উপ-নেতা গৌৰৱ গগৈয়ে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ওপৰত চোকা প্ৰশ্নৰ অৱতাৰণা কৰে। তেওঁ কয় যে চৰকাৰে সামৰিক কার্যৰ তথ্য দিছিল যদিও পেহেলগাম সন্ত্ৰাসবাদী আক্রমণৰ গুৰিলৈ যাবলৈ কোনো প্রচেষ্টা কৰা হোৱা নাই আৰু সন্ত্ৰাসবাদীয়ে কেনেকৈ উপত্যকাত উপনীত হ’ল সেই সন্দৰ্ভত এতিয়ালৈকে কোনো উত্তৰ দিয়া হোৱা নাই।
গগৈয়ে কয়, প্ৰতিৰক্ষা মন্ত্ৰীয়ে বহু কথা ক'লে, কিন্তু বৈসাৰণ উপত্যকাত ছুটী লৈ থকা সাধাৰণ নাগৰিকক আক্ৰমণ কৰা সন্ত্ৰাসবাদীয়ে কেনেকৈ তাত উপস্থিত হ'ল সেই কথা তেওঁ কোৱা নাছিল। ১০০ দিন পাৰ হৈ গ'ল, কিন্তু সেই সন্ত্ৰাসবাদীক কোনে আশ্ৰয় দিছিল, তথ্য দিলে আৰু পলায়ন কৰাত সহায় কৰিলে সেয়া এতিয়ালৈকে ক'ব পৰা নাই চৰকাৰে।
তেওঁ কয় যে চৰকাৰৰ হাতত ড্ৰ’ন, পেগাছাছ, চিআৰপিএফ, বিএছএফ, চিআইএছএফৰ দৰে বহু সংস্থা আৰু সঁজুলি আছে, তথাপিও আক্ৰমণৰ পূৰ্বে কোনো ধৰণৰ সূত্ৰ পোৱা হোৱা নাছিল, আক্ৰমণকাৰীও ধৰা পৰা নাছিল। গগৈয়ে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত জবাবদিহিতাৰ পৰা আঁতৰি আছে। তেওঁ কয়, পেহেলগাম আক্ৰমণৰ দায়িত্ব গৃহমন্ত্ৰীয়ে ল'ব লাগে। আপুনি লেফটেনেণ্ট গৱৰ্ণৰৰ আঁৰত লুকাই থাকিব নোৱাৰে।
গগৈয়ে লগতে অভিযোগ কৰে যে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতীয় বায়ুসেনা বাহিনীৰ লোকচান সন্দৰ্ভত চৰকাৰ মৌন হৈ আছিল। তেওঁ কয়, যদি কিছু ৰাফেল বিমান ধ্বংস হৈছে, তেন্তে সেয়া কেৱল সামৰিক ক্ষতি নহয়, কৌশলগত ক্ষতিও। আমি এই সত্য আমাৰ সৈনিক আৰু দেশৰ পৰা লুকুৱাব নালাগে। আমাৰ সামৰিক প্ৰস্তুতিত কি ভুল হৈছিল চৰকাৰে ক'ব লাগিব।
গগৈয়ে কয় যে যুদ্ধ কেৱল অস্ত্ৰৰে নহয়, তথ্যৰেও যুদ্ধ কৰা হৈছিল। তেওঁ অভিযোগ কৰে যে একাংশ শক্তিয়ে বিভ্ৰান্তি বিয়পাই দেশখনক বিপথে পৰিচালিত কৰিছে আৰু চৰকাৰেও সেই সন্দৰ্ভত কোনো স্পষ্ট স্থিতি লোৱা নাছিল। তেওঁ কয়, সমগ্ৰ বিৰোধী আৰু দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে থিয় দিছিল, কিন্তু ১০ মে'ত হঠাতে যুদ্ধবিৰতিৰ খবৰ আহিল। যদি পাকিস্তান আঁঠু ল'বলৈ সাজু আছিল, তেন্তে আপুনি কিয় ৰৈ গ'ল? কাৰ হেঁচাত ৰৈ গ'ল?
তেওঁ কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰত আৰু পাকিস্তানক যুদ্ধবিৰতি কৰিবলৈ বাধ্য কৰা বুলি ২৬ বাৰ কৈছে। গগৈয়ে সুধিলে, আমি আমেৰিকাৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ নেকি?
গগৈয়ে চৰকাৰক প্ৰশ্ন উত্থাপন কৰে যে যেতিয়া ইমান বৃহৎ পৰিসৰত সামৰিক ব্যৱস্থা গ্ৰহণ কৰা হ’ল, তেতিয়া পাকিস্তান দখল কৰা কাশ্মীৰ পুনৰ দখল কৰাৰ কোনো প্ৰচেষ্টা কিয় কৰা নহ’ল। তেওঁ ক'লে, এতিয়া যদি আমি নলওঁ, তেন্তে কেতিয়া? চৰকাৰে কয় আমাৰ লক্ষ্য যুদ্ধ নাছিল। আমি সুধিছো - কিয় নাছিল? তেওঁ কয় যে পেহেলগাম আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী চৌদি আৰৱৰ পৰা উভতি আহিছিল যদিও ভুক্তভোগীক লগ পোৱাৰ পৰিৱৰ্তে নিৰ্বাচনী প্ৰচাৰৰ বাবে বিহাৰলৈ গৈছিল, আনহাতে কেৱল ৰাহুল গান্ধীয়েহে পেহেলগামত উপস্থিত হৈছিল ভুক্তভোগীক সাক্ষাৎ কৰিবলৈ। গগৈয়ে চীনৰ বিষয়ত চৰকাৰক মৌনতা অৱলম্বন কৰাৰ অভিযোগো উত্থাপন কৰে আৰু ৰাজনাথ সিঙে ভাষণত চীনৰ নামো লোৱা নাছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া