কাছাৰ, ২৮ জুলাই (হি.স.)। অসমৰ কাছাৰ জিলাৰ আৰক্ষীয়ে নিচাজাতীয় য়াবা টেবলেটৰ বৃহৎ চালান জব্দ কৰি আন এক বৃহৎ সফলতা অৰ্জন কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ছ’চিয়েল মিডিয়াত প্রকাশ কৰে যে আৰক্ষীয়ে এক বিশেষ অভিযানত ২০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰিছে, যাৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্রায় ৬ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে৷ এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে দুই চোৰাং ব্যৱসায়ী।
মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে যুঁজ চলি আছে। আৰক্ষীৰ এই কাৰ্যক শলাগ লৈ তেওঁ কয় যে অসম আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে আন এক প্ৰবল আঘাত। তেওঁ পুনৰ কয় যে অসম ড্ৰাগছ বিৰোধী অভিযানৰ অধীনত ড্ৰাগছৰ ব্যৱসায় সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী