নতুন দিল্লী, ২৮ জুলাই (হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী তথা কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ সৈতে জড়িত উন্নয়নমূলক বিষয়সমূহৰ ওপৰত আলোচনা কৰে।
কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী জি কিষান ৰেড্ডীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে মাৰ্ঘেৰিটাত অৱস্থিত কয়লা ভাৰতৰ কাৰ্যকলাপক অধিক সক্ৰিয়, শক্তিশালী আৰু উৎপাদনশীল কৰি তোলাৰ সন্দৰ্ভত বিতং আলোচনা কৰে।
ইয়াৰ উপৰিও কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰে। অসমৰ গহপুৰত প্রস্তাৱিত ‘কনকলাতা বৰুৱা বিশ্ববিদ্যালয়’ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ বিত্তমন্ত্রীক আনুষ্ঠানিকভাৱে আমন্ত্রণ জনায়৷
এই বিশ্ববিদ্যালয়খন অসমৰ মহান স্বাধীনতা সংগ্ৰামী তথা সাহসী কনকলতা বৰুৱাৰ প্ৰতি উৎসৰ্গিত হ'ব। ই দেশৰ প্ৰথম উচ্চ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম হ’ব, যিখন সম্পূৰ্ণৰূপে উদ্যোগমুখী শৈক্ষিক দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিব। এই প্ৰতিষ্ঠানটোৱে কৃত্ৰিম বুদ্ধিমত্তা (এআই), কোৱাণ্টাম কম্পিউটিং আৰু ৰবটিক্সৰ দৰে অত্যাধুনিক বিষয়ৰ শিক্ষা প্ৰদান কৰাৰ লগতে প্ৰযুক্তিগত যুগ অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক দক্ষ কৰি তুলিব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী