ইম্ফল, ২৮ জুলাই (হি.স.)। মণিপুৰৰ বিক্ষিপ্ত অঞ্চলসমূহ সুস্থিৰ কৰাৰ দিশত এক বৃহৎ অগ্ৰগতি লাভ কৰা হৈছে। মণিপুৰ আৰক্ষী, অসম ৰাইফলছ, ভাৰতীয় সেনা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে।
সোমবাৰে মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে যোৱা কেইদিনমানৰ পৰা চলি থকা এই চোৰাংচোৱা ভিত্তিক অভিযান চুৰাচান্দপুৰ, ফেৰজাৱাল, কাংপোকপি, চাণ্ডেল আৰু টেঙনৌপাল জিলাত সংঘটিত হৈছে। এই সময়ছোৱাত কে ছিৰিজ, এম ৪, এছ এল আৰ, ইনছাছ, স্নাইপাৰ ৰাইফল, পিষ্টল আৰু অন্যান্য থলুৱা অস্ত্ৰকে ধৰি ১৫৫টা আগ্নেয়াস্ত্ৰ জব্দ কৰা হয়। ইয়াৰ লগতে মুঠ ১৬৫২ টা লাইভ কাৰ্টিজ উদ্ধাৰ কৰা হয়।
আৰক্ষী সঞ্চালক প্ৰধান কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত এই অভিযানৰ সময়ত ৩৯টা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি), ১৩টা হেণ্ড গ্ৰেনেড, ৪টা বাইনোকুলাৰ, ১৫টা যোগাযোগৰ সঁজুলি আৰু এটা টেলিস্কোপ উদ্ধাৰ কৰা হৈছে। মণিপুৰৰ স্পৰ্শকাতৰ অঞ্চলসমূহত আইন-শৃংখলা পুনৰুদ্ধাৰৰ আমাৰ অভিযানত এই অভিযান এক গুৰুত্বপূৰ্ণ সাফল্য। একে সময়তে অঞ্চলটোত শান্তি ঘূৰাই অনাৰ বাবে জনসাধাৰণৰ সহযোগিতা আৰু নিৰন্তৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
কোনো সন্দেহজনক কাৰ্যকলাপ বা অবৈধ অস্ত্ৰ-শস্ত্ৰৰ বিষয়ে তৎকালীনভাৱে ওচৰৰ আৰক্ষী থানা বা নিয়ন্ত্ৰণ কক্ষত খবৰ দিবলৈ প্ৰশাসনে সাধাৰণ ৰাইজক আহ্বান জনাইছে।
জ্যেষ্ঠ বিষয়াসকলৰ মাজত সবল সমন্বয়ৰে ৰাজ্য আৰক্ষীয়ে পুনৰ সংকল্প প্ৰকাশ কৰিছে যে নিৰাপত্তা বাহিনীৰ নিবিড় কাৰ্য্যই মণিপুৰত শান্তি প্ৰতিষ্ঠা কৰিবলৈ অব্যাহত ৰাখিব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী