ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ মনসা দেৱী অঘটনৰ ঘটনাত শোক প্ৰকাশ
নতুন দিল্লী, ২৭ জুলাই (হি.স.)। উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰলৈ যোৱাৰ পথত হোৱা থেলাহেঁচাৰ ঘটনাত আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে। হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰলৈ যোৱাৰ পথত সংঘটিত হোৱা থেলাহেঁচাৰ ঘটন
মুৰ্মু-মোডী


নতুন দিল্লী, ২৭ জুলাই (হি.স.)। উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰলৈ যোৱাৰ পথত হোৱা থেলাহেঁচাৰ ঘটনাত আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে। হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰলৈ যোৱাৰ পথত সংঘটিত হোৱা থেলাহেঁচাৰ ঘটনাত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত ৰাষ্ট্ৰপতিয়ে লিখিছে, হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰলৈ যোৱাৰ পথত সংঘটিত হোৱা ভয়াবহ দুৰ্ঘটনাত বহু ভক্তৰ মৃত্যুৰ খবৰটো অতি বেদনাদায়ক। সকলো শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আহত সকলো ভক্তই সোনকালে আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা জনাইছো।

প্ৰধানমন্ত্ৰীয়ে পোষ্টটোত লিখিছে, হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰলৈ যোৱাৰ পথত হোৱা থেলাহেঁচাত জনহানি হোৱাৰ ঘটনাত গভীৰভাৱে দুখী। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰি থকা বুলি উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande