গুৱাহাটী, ২৭ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২৪ তম মন কি বাতত আজি স্থান লাভ কৰে কাজিৰঙাত চলা গ্ৰাছলেণ্ড চৰাইজৰ জৰীপৰ প্ৰসংগই। কাজিৰঙাত চলা গ্ৰাছলেণ্ড চৰাই অৰ্থাত কাজিৰঙাৰ ঘাহনিত বসতি কৰা ছৰাই চিৰিকতিৰ জৰীপৰ সন্দৰ্ভত আজি দেশবাসীক প্ৰধানমন্ত্ৰী মোদীয়ে অৱগত কৰায় আৰু এই জৰীপৰ প্ৰশংসাও কৰে।
তেওঁ কয় যে, যদি আপোনাক সোধা হয় যে কিমান ধৰণৰ চৰাই আছে, আপোনাৰ চাৰিওফালে - আপুনি কি ক’ব? হয়তো এয়ে যে মই প্ৰতিদিনে ৫-৬ টা চৰাই দেখা পাওঁ - কিছুমান চিনাকি, কিছুমান অচিনাকি। কিন্তু, আমাৰ চাৰিওফালে কি প্ৰজাতিৰ চৰাই বাস কৰে সেয়া জনাটো অতি আকৰ্ষণীয়। শেহতীয়াকৈ তেনে এক ভৱিষ্যৎ প্ৰয়াস কৰা হৈছে... ঠাইখন হ'ল - অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
যদিও এই অঞ্চলটো গঁড়ৰ বাবে বিখ্যাত - এইবাৰ আলোচনাৰ বিষয় হৈছে ইয়াৰ ঘাঁহনি আৰু ইয়াত বাস কৰা চৰাইবোৰ। প্ৰথমবাৰৰ বাবে ইয়াত গ্ৰাছলেণ্ড চৰাইৰ জৰীপ কৰা হৈছে। আপুনি জানি সুখী হ’ব যে এই লোকপিয়লৰ বাবে ৪০টাতকৈও অধিক প্ৰজাতিৰ চৰাই চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত বহুতো বিৰল চৰাইও আছে। আপুনি নিশ্চয় ভাবিছে যে ইমানবোৰ চৰাই কেনেকৈ চিনাক্ত হ’ল! ইয়াত প্ৰযুক্তিয়ে আচৰিত কাম কৰিলে। জৰীপ চলোৱা দলটোৱে শব্দ ৰেকৰ্ডিং যন্ত্ৰ স্থাপন কৰে। তাৰ পিছত সেই শব্দবোৰ কম্পিউটাৰত বিশ্লেষণ কৰা হ’ল; এ আই পদ্ধতি ব্যৱহাৰ কৰা হৈছিল। চৰাইবোৰক কেৱল শব্দৰ দ্বাৰা চিনাক্ত কৰা হৈছিল - সেইটোও সিহঁতক বিচলিত নকৰাকৈ।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, কল্পনা কৰক! প্ৰযুক্তি আৰু সংবেদনশীলতা একেলগে আহিলে প্ৰকৃতিক বুজাটো ইমান সহজ আৰু গভীৰ হৈ পৰে। আমি এনে প্ৰচেষ্টাক প্ৰসাৰিত কৰা উচিত যাতে আমি আমাৰ জৈৱ বৈচিত্ৰক চিনি পাই পৰৱৰ্তী প্ৰজন্মক ইয়াৰ সৈতে সংযোগ কৰিব পাৰো।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী