কন্যাৰ দাবী - জোৰ-জবৰদস্তি কৰি বিয়া কৰাবলৈ চেষ্টা চলোৱাসকলে বিষাক্ত দ্ৰব্যৰে হত্যা কৰিছিল
ইছলামাবাদ, ২৬ জুলাই (হি.স.)। পাকিস্তানত প্ৰখ্যাত মহিলা টিকটকাৰ সুমিৰা ৰাজপুতৰ মৃত্যুত গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। সিন্ধ প্ৰদেশৰ ঘোটকী জিলাৰ বাগো ৱাহ অঞ্চলৰ নিজ গৃহত সুমিৰাক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। এই কথা নিশ্চিত কৰিছে আৰক্ষীয়ে। জিলা আৰক্ষী অধীক্ষক আনোৱাৰ শ্বেখৰ মতে, মহিলাগৰাকীৰ ১৫ বছৰীয়া কন্যাই তেওঁৰ মাতৃক একাংশ লোকে বিষাক্ত দ্ৰব্যৰে হত্যা কৰা বুলি দাবী কৰিছে। এই মানুহবোৰে তাইৰ মাকক জোৰকৈ বিয়া দিবলৈ বাধ্য কৰাইছিল।
জিঅ’ নিউজৰ তথ্য অনুসৰি শুকুৰবাৰে আৰক্ষীয়ে সুমিৰাৰ মৃত্যু নিশ্চিত কৰে। মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে। স্থানীয় চিকিৎসালয়খনৰ চিকিৎসা অধীক্ষক ডাঃ সৰ্বানন্দই কয় যে প্ৰাথমিক প্ৰতিবেদনত শাৰীৰিক হিংসাৰ কোনো লক্ষণ পোৱা নগ’ল। মৃত্যুৰ প্ৰকৃত কাৰণ উলিয়াই আনিবলৈ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে ভিতৰৰ ভিতৰৰ অংশ। জ্যেষ্ঠ আৰক্ষী বিষয়া শ্বেখৰ মতে দুজন লোকক সন্দেহত আটক কৰা হৈছে। এতিয়ালৈকে কোনো আনুষ্ঠানিক এফআইআৰ পঞ্জীয়ন হোৱা নাই। খবৰ অনুসৰি ঘৰতে মৃত অৱস্থাত উদ্ধাৰ হোৱা সুমিৰা ৰাজপুতৰ টিকটকত ৫৮ হাজাৰৰো অধিক ফ’ল’ৱাৰ আছিল।
উল্লেখযোগ্য যে যোৱা মাহত ৰাজধানী ইছলামবাদত ঘৰতে গুলীয়াই হত্যা কৰা হৈছিল ১৭ বছৰীয়া টিকটকাৰ ছানা ইউছুফক। টিকটকত ইউছুফৰ ৭,৪০,০০০ৰো অধিক ফ’ল’ৱাৰ আছিল। ঘটনাৰ মাত্ৰ ২০ ঘণ্টাৰ পিছতেই ফৈছালাবাদত ইছলামাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সন্দেহযুক্ত উমৰ হায়াত ওৰফে কাকাক।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া