ইৰাণৰ জাহেদানত আদালতত সন্ত্ৰাসবাদী আক্ৰমণ, ৫ জন নিহত, ১৩ জন আহত
তেহৰাণ, ২৬ জুলাই (হি.স.)। ইৰাণৰ জাহেদানৰ ন্যায়িক ভৱনত আজি পুৱা সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। এই আক্ৰমণত ৫ জন লোক নিহত হোৱাৰ লগতে ১৩ জন লোক আহত হয়। ইয়াৰ মাজতে নিৰাপত্তা বাহিনীয়ে তিনিজন সন্ত্ৰাসবাদীক হত্যা কৰে। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে জইছ আ
ইৰাণ


তেহৰাণ, ২৬ জুলাই (হি.স.)। ইৰাণৰ জাহেদানৰ ন্যায়িক ভৱনত আজি পুৱা সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। এই আক্ৰমণত ৫ জন লোক নিহত হোৱাৰ লগতে ১৩ জন লোক আহত হয়। ইয়াৰ মাজতে নিৰাপত্তা বাহিনীয়ে তিনিজন সন্ত্ৰাসবাদীক হত্যা কৰে। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে জইছ আল আদল সন্ত্ৰাসবাদী সংগঠনে।

ইৰাণৰ অৰ্ধ চৰকাৰী সংবাদ সংস্থা ‘মেহৰ’ৰ খবৰ অনুসৰি দেশখনৰ ন্যায়িক তথ্য কেন্দ্ৰই নিশ্চিত কৰিছে যে শনিবাৰে পুৱা জাহেদানত চিস্তান আৰু বেলুচিস্তানৰ প্ৰাদেশিক ন্যায়পালিকাৰ ওপৰত অচিনাক্ত বন্দুকধাৰীয়ে আক্ৰমণ চলাইছিল। এই আক্ৰমণত ৫ জন লোক নিহত হোৱাৰ লগতে ১৩ জন লোক আহত হোৱা বুলি বিষয়াসকলে জনাইছে। প্ৰাদেশিক ন্যায়পালিকা কমপ্লেক্সত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হয় তিনিজন সন্ত্ৰাসবাদী। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে জইছ আল আদল সন্ত্ৰাসবাদী সংগঠনে।

পস্তো ভাষাৰ অনলাইন বাতৰি নেটৱৰ্ক দ্য বেলুচিস্তান পোষ্টে প্ৰকাশ কৰা অনুসৰি শনিবাৰে পুৱা প্ৰায় ৮:৫০ বজাত জাহেদানৰ আজাদি ষ্ট্ৰীটৰ আদালতৰ ভৱনটোত একাংশ বন্দুকধাৰীয়ে আক্ৰমণ কৰে। পোনে পোনে ন্যায়াধীশৰ কাৰ্যালয়লৈ গৈ গুলীচালনা কৰে আক্ৰমণকাৰীয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে, কেইবাজনো ন্যায়িক কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষী নিহত বা আহত হয়।

আক্ৰমণৰ কিছু সময়ৰ পিছতে জয়ছ আল আদলে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি চমু বিবৃতি প্ৰকাশ কৰি ইয়াক “অপাৰেচন জাষ্টিচ এণ্ড বেষ্টিয়ন” বুলি অভিহিত কৰে। ইয়াত দাবী কৰা হৈছে যে এই ব্যৱস্থাৰ লক্ষ্য হৈছে বেলুচ নাগৰিকৰ বিৰুদ্ধে ন্যায়িক হাৰাশাস্তিৰ প্ৰতি সঁহাৰি জনোৱা। বিবৃতিটোত কোৱা হৈছে যে ফিদায়িয়ান আদাল-ই-ইলাহি নামৰ এটা গোটে এই আক্ৰমণ সংঘটিত কৰিছিল।

দ্য বেলুচিস্তান পোষ্টৰ মতে, এই আক্ৰমণৰ কিছু সময়ৰ পিছতে আদালতৰ ভৱনটোত দ্বিতীয়টো আক্ৰমণ সংঘটিত হয়। ইয়াৰ মাজতে মৰ্টাৰ আৰু গ্ৰেনেড নিক্ষেপ কৰা হয়। ইফালে তীব্ৰ বিস্ফোৰণ আৰু বন্দুকৰ গুলীৰ শব্দ শুনা যায়। জাদেহান চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande