কুৱেটা, ২৬ জুলাই (হি.স.)। পাকিস্তানত বেলুচিস্তানৰ স্বাধীনতাৰ বাবে যুঁজি থকা বিদ্ৰোহী সংগঠন বেলুচ লিবাৰেশ্যন আৰ্মীয়ে ২৩ জন পাকিস্তানী সেনা জোৱানক হত্যা কৰাৰ লগতে সেনাৰ আন্তঃগাঁথনি আৰু অন্যান্য সম্পত্তিৰ ক্ষতিসাধন কৰা বুলি দাবী কৰিছে।
বি এল এয়ে শুকুৰবাৰে এক বিবৃতিত কয় যে তেওঁলোকৰ যোদ্ধাসকলে পাকিস্তানীৰ এজন জ্যেষ্ঠ বিষয়াকে ধৰি কমেও ২৩জন জোৱানক হত্যা কৰে। সশস্ত্ৰ আক্ৰমণৰ ফলত সামৰিক আন্তঃগাঁথনি আৰু চোৰাংচোৱা সম্পৰ্কীয় সম্পত্তিৰ বৃহৎ ক্ষতি হয়।
দ্য বেলুচিস্তান পোষ্টৰ বাতৰি অনুসৰি, বিবৃতিটোত বিএলএৰ মুখপাত্ৰ জিয়ান্দ বালোচে কয় যে গোটটোৰ যোদ্ধাসকলে মাষ্টুং, কালাট, জামুৰাণ, বুলেডা আৰু কুৱেটাত পাকিস্তানী সেনাক লক্ষ্য কৰি লৈছিল। ইয়াৰ সমান্তৰালকৈ নুস্কি, দলবন্দিন আৰু পাঞ্জগুৰতো আক্ৰমণ সংঘটিত হয়। এই আক্ৰমণসমূহ পাকিস্তানৰ ফেডাৰেল চৰকাৰ আৰু ইয়াৰ সেনাবাহিনীক ক’বলৈ সংঘটিত কৰা হৈছিল যে বিএলএই বেলুচিস্তানৰ স্বাধীনতাৰ বাহিৰে আন একো মানি নলয়।
বিএলএই দাবী কৰা মতে, ২২ জুলাইত কালাটৰ কোহাক অঞ্চলত পাকিস্তানী জোৱানক এম্বুছ কৰা হৈছিল। এই আক্ৰমণত তিনিখন সামৰিক বাহনৰ প্ৰত্যক্ষ ক্ষতিসাধন হোৱাৰ লগতে যোদ্ধাসকলে পিছুৱাই যোৱা পাকিস্তানী জোৱানক ঘেৰাও কৰে। ইয়াৰ মাজতে ১৩ জন জোৱান থিতাতে নিহত হয় আৰু সেই জোৱানসকলৰ অস্ত্ৰ-শস্ত্ৰ লুটপাত হয়।
ইয়াৰ উপৰিও মাষ্টুঙৰ তালখ কাভি অঞ্চলত বিএলএ যোদ্ধাসকলে ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আইইডি)ৰে জোৱানক লক্ষ্য কৰি লৈ যায়। ইয়াৰ মাজতে আৰ্মী মেজৰ জিয়াদকে ধৰি ছয়জন লোক নিহত হোৱাৰ লগতে তিনিজন লোক আহত হয়। মাষ্টুঙৰ আব গুল অঞ্চলত আন এক আই ই ডি আক্ৰমণত আৰু দুজন জোৱান নিহত হোৱাৰ লগতে চাৰিজন আহত হোৱাৰ দাবী।
নুস্কিত মুআভিয়া জামালদিনীৰ হত্যাকাণ্ডৰ দায়িত্বও লৈছে বিএলএই। বিবৃতিটোত মোৱাৱিয়া জামালদিনীক চৰকাৰ সমৰ্থক সশস্ত্ৰ সংগঠনৰ মুৰব্বী বুলি অভিহিত কৰা হৈছে। প্ৰকাশিত তথ্য অনুসৰি নুস্কিৰ জিয়াৰাত দস্তাগিৰ ক্ৰছ আৰু দলবন্দিনৰ কুৰোদ গেটত খনিজ সামগ্ৰী কঢ়িয়াই অনা দুখন বাহন অগ্নিসংযোগ কৰি ধ্বংস কৰা হয়।
মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, যোৱা ২২ জুলাইত যমুৰাণৰ অৰ্চনান অঞ্চলত বিএলএৰ যোদ্ধাসকলে ৰিম’ট কণ্ট্ৰ’ল আইইডি আক্ৰমণত এজন পাকিস্তানী জোৱানক হত্যা কৰিছিল। বুলেডাৰ গিলি অঞ্চলত লক্ষ্য কৰি লোৱা হয় এখন সামৰিক বাহন। দুজন জোৱান নিহত হোৱাৰ লগতে আহত তিনিজন।
জিয়ান্দ বালোচে দাবী কৰে যে কুৱেটাৰ আখতাৰবাদ অঞ্চলৰ এটা সামৰিক চকীত বিএলএৰ এটা দলে গ্ৰেনেড আক্ৰমণ চলাই আৰু পাঞ্জগুৰৰ পুলাবাদ অঞ্চলত গোটটোৱে পাকিস্তান সেনাৰ চোৱাচিতা কেমেৰা, টাৱাৰ আৰু আনুষংগিক সঁজুলি ধ্বংস কৰে। বিবৃতিৰ শেষত বিএলএই বেলুচিস্তানে স্বাধীনতা লাভ নকৰালৈকে সশস্ত্ৰ প্ৰতিৰোধ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া