বঙাইগাঁও, ২৬ জুলাই (হি.স.)। বঙাইগাঁৱৰ যোগীঘোপাত অচিনাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । যোগীঘোপাৰ গৰাইমাৰী চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। মহিলা গৰাকীৰ মুৰত আঘাতৰ চিন স্পষ্ট হৈ আছে।
পিন্ধনত শাৰী থকা মহিলা গৰাকীক কোনো লোকে নিশা হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে ৰাইজে । ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে । অদ্যপি মহিলা গৰাকীৰ মৃতদেহ চিনাক্ত হোৱা নাই। এই সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা