কোকৰাঝাৰ, ২৬ জুলাই (হি.স.)। বন্দে ভাৰতী ফাউণ্ডেচনৰ উদ্যোগত আৰু বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ সহযোগত চাৰি দিনীয় কাৰ্যসূচীৰে আজি ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুভাৰম্ভ হয় মেগা গ্ৰীষ্মকালীন আৰ্ট প্ৰতিযোগিতা – ২০২৫। ভাৰত মাতাক পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰ অনুষ্ঠানটো শুভাৰম্ভ কৰে বন্দে ভাৰতী ফাউণ্ডেচনৰ সভাপতি অভ্ৰজিত সাহায়ে।
আজি প্ৰথম দিনা ৱাৰ্ড নম্বৰ ৭ আৰু ৮ ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়, য’ত ১৫০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অভিভাৱক সকলো অনুষ্ঠানত উৎসাহজনক ভাৱে উপস্থিত আছিল। বন্দে ভাৰতী ফাউণ্ডেচনৰ এই অনুষ্ঠানৰ জৰিয়তে শিশু, শিক্ষা, সমাজ আৰু কল্পনাৰ এক আনন্দদায়ক মিলনৰ সৃষ্টি হৈছে।
আজিৰ উক্ত অনুষ্ঠানত বন্দে ভাৰতী ফাউণ্ডেচনৰ সভাপতি অভ্ৰজিত সাহা, সম্পাদক সোমদীপ ভদ্ৰ আৰু সকলো সদস্য উপস্থিত আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ