ডিমা হাছাও, ২৬ জুলাই (হি.স.)। অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও ঔদ্যোগিক চহৰ হিচাপে বিখ্যাত উমৰাংছুৰ তিনি কিলো অঞ্চলত অৱস্থিত চৰকাৰী ভূমি বেদখলৰ পৰা মুক্ত কৰিবলৈ জামা মছজিদত বুলডজাৰ চলাই শনিবাৰে উচ্ছেদ অভিযান চলোৱা হয়।
উমৰাংছুৰ তিনি কিলো এলেকাত বন বিভাগৰ মাটি বেদখল কৰি অবৈধভাৱে মছজিদ নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। সেয়ে ৰাজ্য চৰকাৰৰ চলি থকা উচ্ছেদ অভিযানৰ অধীনত জিলা প্ৰশাসন আৰু বন বিভাগে চৰকাৰী ভূমি খালী কৰিবলৈ এটা মছজিদ ভাঙি পেলায়।
দীৰ্ঘদিন ধৰি উমৰাংছুৰ তিনি কিলো এলেকাত সন্দেহজনক লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ অভিযোগ আহিছিল। স্থানীয় বাসিন্দাসকলৰ অভিযোগ যে সন্দেহজনক লোকে স্থানীয় জনজাতীয় লোকৰ ঘৰ ভাড়াত লৈ বা সেই মাটিত ঘৰ সাজি সেই স্থানত বসতি স্থাপন কৰি আছে।
ইয়াৰে এটা মছজিদ বন বিভাগৰ মাটিত অবৈধভাৱে বেদখল কৰি নিৰ্মাণ কৰা হৈছিল। অৱশেষত জিলা প্ৰশাসন আৰু বন বিভাগে মছজিদটো বুলডজাৰ কৰি বেদখল আঁতৰাই পেলায়। অৱশ্যে উমৰাংছুৰ তিনি কিলো এলেকাত এই মছজিদৰ বাহিৰে আন কোনো গৃহ প্ৰশাসনে ভাঙি পেলোৱা নাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া